মুখ্য-পৃষ্ঠা

মুখ্যমন্ত্ৰীয়ে কথা দি কথা নাৰাখিলেঃ অখিল গগৈ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পাছত মুখ্যমন্ত্ৰীয়ে ঘোষনা কৰিছিল যে অহা ডেৰ বছৰ তেঁও ৰাজনীতি নকৰে ৷ কেৱল উন্নয়নৰ কামহে কৰিব ৷ পাছৰ ছমাহহে ৰাজনীতি কৰিব ৷ কিন্তু দুদিনৰ পাছতে তেওঁ উন্মাদৰ দৰে বক্তব্য দিবলৈ আৰম্ভ কৰি দিলে ৷ মুখ্যমন্ত্ৰীয়ে শিক্ষক সকলক গালি পাৰিবলৈ আৰম্ভ কৰি দিলে , সংখ্যালঘু সকলক গালি পাৰিবলৈ আৰম্ভ কৰি দিলে ৷এই মন্তব্য ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ৷

অখিল গগৈয়ে প্ৰকাশ কৰা মতে যোৱা লোকসভা নিৰ্বাচনত যোৰহাটত পৰাজয় আৰু ধুবুৰীত তেওঁলোকৰ মিত্ৰ বদৰুদ্দিন আজমলৰ পৰাজয়ৰ পাছত পৰা ট্ৰমাৰ পৰা মুখ্যমন্ত্ৰীৰ লগতে তেওঁৰ সাংগোপাংগ সকল উঠিবই পৰা নাই ৷

ইয়াৰ পাছতে সাংগঠনিক ভেটি সবল কৰিবলৈ জয়ন্তমল্ল বৰুৱা , পিযুষ হাজৰিকাকে ধৰি মন্ত্ৰী সকলৰ অহংকাৰী আদব কায়দা সলনি কৰাৰ পোষকতা কৰা হ’ল যদিও মুখ্যমন্ত্ৰীয়ে সেইখিনি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে ৷

পৰিণতিত বিজেপিৰ তৃণমূল পৰ্যায়ত দেখাপোৱা গৈছে চৰম অসন্তুষ্টি ৷ যাৰবাবে বিজেপিৰ তৃণমূল কৰ্মীয়ে বিৰোধীৰ লগ লোৱা বা নিজে দল খোলাৰ সম্ভাৱনা দেখা পোৱা গৈছে ৷