মুখ্য-পৃষ্ঠা

সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প একেবাৰে নিৰাপদ নহয়ঃ অখিল গগৈ

Asomiya Pratidin

ডিজিটেল সংবাদ,কাজিৰঙাঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত হোৱা অঘটন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ ৷ বৰষুণৰ ফলত বান্ধৰ ৰাইট বেংকত ভূমিস্খলন হৈ প্ৰকল্পটোত কৰ্মৰত এজন শ্ৰমিক নিহত হয়।

এই সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে কয় যে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো একেবাৰে নিৰাপদ নহয়। প্ৰকল্পটোৰ পৰা কাষৰীয়া মানুহখিনিৰো কোনো লাভ নহয়। প্ৰকল্পটোৰ বাবে এদিন সোৱণশিৰি নদীখন মৰি যাব লগতে নদীবান্ধ ভাঙিলে বহু মানুহ মৰিব, নদীবান্ধৰ বাবে জীৱিকা নোহোৱা হ'ব। গতিকে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো অসমৰ বাবে কোনো কাৰণতে উপকাৰী নহয় বুলি ক্ষোভ উজাৰে বিধায়ক গৰাকীয়ে।