মুখ্য-পৃষ্ঠা

শিৱসাগৰৰ বহু স্থানত বানৰ সংহাৰী ৰূপঃ উদ্ধাৰ অভিযানত নামিছে বিধায়ক গগৈ

Asomiya Pratidin

ডিজিটেল সংবাদ,শিৱসাগৰঃ ব্ৰহ্মপুত্ৰ,দিচাং,দিখৌ নদীৰ জলস্তৰ বৃদ্ধিৰ ফলত শিৱসাগৰত ভয়াবহ ৰূপ ধাৰণ কৰিছে বানে ৷ নৈপৰীয়া ৰাইজৰ লগতে পশুধনো বানৰ কবলত।মঙলবাৰে বন্যাৰ্তৰ কাষত উপস্থিত হৈ ভাটীবন গাঁৱৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে বিধায়ক অখিল গগৈয়ে। দিখৌৰ বাঢ়নী পানীত ভাটীবন,বলিয়াঘাট, চলে গাঁওসহ বহু গাঁও প্লাৱিত হৈছে।

বিশেষকৈ ভাটীবন গাঁৱত মানুহৰ ঘৰৰ ভিতৰত বৰ্তমান এককাল পানী হোৱাত জনসাধাৰণৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইপিনে এই বিপদকালত বানাক্ৰান্ত ৰাইজৰ কাষলৈ গৈ পৰিস্থিতিৰ বুজ লৈছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। ইটানগৰৰ পৰা অহা এচ ডি আৰ এফ আৰু এন ডি আৰ এফ দলৰ সৈতে উদ্ধাৰ অভিযানত নামিছে বিধায়ক গগৈ। আজি পুৱাৰে পৰা বান বিধ্বস্ত এলেকালৈ গৈ সহায়ৰ হাত আগবঢ়াইছে বিধায়ক গৰাকীয়ে।