মুখ্য-পৃষ্ঠা

সদৌ অসম আন্তঃজিলা বেডমিণ্টনত জিলিকিল বেদাগ্নি গগৈ,অনিকেশ দত্ত আৰু মনাৰ্ক বৰগোহাঁই...

Asomiya Pratidin

ডিজিটেল সংবাদ,শিৱসাগৰ: গুৱাহাটীত অনুষ্ঠিত ৭২ সংখ্যক সদৌ অসম আন্তঃজিলা বেডমিণ্টন চেম্পিয়নশ্বিপত শিৱসাগৰৰ বেদাগ্নি গগৈ, অনিকেশ দত্ত আৰু মনাৰ্ক বৰগোঁহায়ে পদক অৰ্জনেৰে গৌৰৱ কঢ়িয়াই আনিছে ৷ বেদাগ্নি গগৈয়ে ১৩ বছৰৰ অনুৰ্ধ আৰু ১৫ বছৰৰ অনুৰ্ধৰ ছোৱালী শাখাৰ প্ৰতিযোগিতাত চেম্পিয়ন ৰূপে খিতাপ অৰ্জন কৰে ৷

২১ ৰ পৰা ২৬ ছেপ্টেম্বৰলৈকে ছণ্ডীগড়ত অনুষ্ঠিত হ’বলগীয়া ১৫ বছৰৰ অনুৰ্ধ ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপত ভাগ লোৱাৰ বাবে বেদাগ্নী গগৈ নিৰ্বাচিত হৈছে ৷ গুৱাহাটীত অনুষ্ঠিত আন্তঃজিলা প্ৰতিযোগিতাত বেদাগ্নি গগৈয়ে ১৩ আৰ ১৫ বছৰৰ অনুৰ্ধৰ প্ৰতিযোগিতাত চেম্পিয়ন হোৱাৰ খবৰ বিয়পি পৰাত শিৱসাগৰত ক্ৰীড়াপ্ৰেমী আৰু ক্ৰীড়া সংগঠক সকল উৎসাহিত হৈ পৰিছে ৷

শিৱসাগৰ ক্ৰীড়া সন্থাৰ লগতে চাওল্যুং চুকাফা ইনডৰ ষ্টেডিয়ামৰ বিষয়ববীয়া সকলে বেদাগ্নি গগৈলৈ অভিনন্দন জনাইছে ৷ উল্লেখ্য যে শিৱসাগৰ মেলাচকৰৰ হীৰালাল বৰুৱা পথৰ বাসিন্দা প্ৰাণজিৎ গগৈ আৰু দীপলিপ গগৈৰ একমাত্ৰ তনয়া বেদাগ্নী গগৈ ৷ বেদাগ্নী গগৈক বেডমিণ্টনৰ প্ৰশিক্ষণ পিতৃ প্ৰাণজিৎ গগৈয়ে প্ৰদান কৰি আহিছে ৷

ইফালে শিৱসাগৰৰ অনিকেশ দত্ত নামৰ খেলুৱৈ গৰাকীয়ে ল’ৰা শাখাৰ ১৩ আৰু ১৫ বছৰৰ অনুৰ্ধৰ শাখাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পদক লাভ কৰিছে ৷ শিৱসাগৰ ক্ৰীড়া সন্থাৰ সক্ৰিয় সদস্য ধ্ৰুৱজ্যোতি দত্তই অ’এনজিচিৰ বেডমিণ্টন ষ্টেডিয়ামত অনিকেশ দত্তক বেডমিণ্টনৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল ৷ অনিকেশ দত্ত শিৱসাগৰ চহৰৰ মেলাচকৰৰ নিবাসী ৰাতুল দত্তৰ পুত্ৰ ৷

একেখন প্ৰতিযোগিতাত শিৱসাগৰৰ আন এগৰাকী খেলুৱৈ মনাৰ্ক বৰগোহাঁইয়ে ১৭ বছৰ অনুৰ্ধৰ ল’ৰা শাখাৰ একক আৰু দ্বৈত প্ৰতিযোগিতাত পদক অৰ্জন কৰে ৷ মনাৰ্ক বৰগোহাঁই শিৱসাগৰ চেৰেকাপাৰ অঞ্চলৰ বিজয় কুমৰক বৰগোহাঁইৰ পুত্ৰ ৷

আনহাতে ১৭ বছৰ অনুৰ্ধৰ ল’ৰাৰ ডাবুলছত শিৱসাগৰ জিলাৰ গড়গাঁও অঞ্চলৰ আৰিমন বৰুৱাতিয়ে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে ৷ তেওঁ বিজয় বাৰুৱাতিৰ পুত্ৰ ৷ কেউগৰাকী প্ৰতিভাসম্পন্ন খেলুৱৈৰ সফলতাত শিৱসাগৰৰ জনসাধাৰণ উৎফুল্লিত হৈছে ৷ শিৱসাগৰ ক্ৰীড়া সন্থাৰ বিষয়ববীয়া সকলে তেওঁলোকক ভূয়সী প্ৰশংসা কৰিছে ৷