মুখ্য-পৃষ্ঠা

পশ্চিম বংগত পুৱাই ওলাই আহিছে ভোটাৰ, আনহাতে মহাৰাষ্ট্ৰত নাই উছাহ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেশৰ ৯৫টা লোকসভা সমষ্টিত পুৱা ৭বজাৰে পৰা সুকলমে চলি আছে ভোটদান প্ৰক্ৰিয়া। অসমৰ চাৰিটা সমষ্টিত পুৱা ৯.৩০বজালৈকে সামগ্ৰিক ভোটদানৰ হাৰ ১০.১২শতাংশ। পুৱা ৯.৩০বজালৈকে সৰ্বাধিক ভোটাধিকাৰ সাব্যস্ত হৈছে পশ্চিম বংগত।

পশ্চিম বংগৰ ৪টা সমষ্টিত ভোটদানৰ হাৰ হৈছে ১৫.৮৫শতাংশ। ইয়াৰ বিপৰীতে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা ১১খন ৰাজ্যৰ ভিতৰত সৰ্বনিম্ন ভোটাধিকাৰ সাব্যস্ত হৈছে মহাৰাষ্ট্ৰত। পুৱা ৯.৩০বজালৈকে ৬.৬৪শতাংশ ভোটদান সাব্যস্ত হৈছে মহাৰাষ্ট্ৰৰ ১১টা সমষ্টিত।

পুৱা ৯.৩০বজালৈকে বিহাৰত ১০.৪১শতাংশ, চত্তীশগড়ত ১৩.২৪শতাংশ, দমন-দিউত ১০.১৩শতাংশ, গোৱাত ১৩.০২শতাংশ, গুজৰাটত ৯.৮৭শতাংশ, কৰ্ণাটকত ৯.৪৫শতাংশ, মধ্যপ্ৰদেশত ১৪.৪৩শতাংশ, উত্তৰ প্ৰদেশত ১২.৯৪শতাংশ ভোটদান সাব্যস্ত হৈছে।