মুখ্য-পৃষ্ঠা

আলমণ্ডঃ নিয়ম সঠিক, গুণ অধিক...

Asomiya Pratidin
আপোনাৰ শৰীৰটো এটা "ওৱেষ্ট পেপাৰ বক্স" নহয় যে যেতিয়াই তেতিয়াই যি ইচ্ছা যিদৰে মন যায় ভৰাই দিব পাৰি। খাদ্যবস্তু সেৱন কৰিলেই জানো ইয়াৰ পৰা ফলাফল পায়? খাদ্য সেৱনৰো থাকে সঠিক নিয়ম। এই সন্দৰ্ভত চয়নিকা শইকীয়াৰ এক প্ৰতিবেদন...

বান্দৰে নুবুজে নাৰিকলৰ মূল! ঠিক এই আপ্তবাক্যশাৰী বহু সময়ত আমাৰ লগত মিলে। মূল্যৱান খাদ্য সামগ্ৰী, ইয়াৰ উপকাৰীও বহু বেছি। পিছে বেছি ভাগ মানুহে নাজানে কেনেকৈ,কিদৰে আৰু কেতিয়া এই বাদামজাতীয় খাদ্য সামগ্ৰী বিধ খাব লাগে।

আলমণ্ড! বহুতে ইয়াক কয় কাঠ বাদাম। বজাৰৰ পৰা দাম দি আনি আলমণ্ড খালেই ইয়াৰ পৰা উপকাৰিতা নাপায়। আলমণ্ড খোৱাৰ আছে কিছু বিধান। আজি এই লেখাত আলমণ্ড কেনেকৈ খাব লাগে সেই বিষয়ে আলোচনা কৰিম-

বিশেষকৈ গ্ৰীষ্মকালত আলমণ্ড পানীত ৰাতি বা কেইবা ঘণ্টা ধৰি তিয়াই থ’লে ইয়াৰ ছালখন আঁতৰোৱাত সহায়ক হয়। লগতে ইয়াৰ পুষ্টিকৰ উপাদানৰ গুণো বৃদ্ধি পায়। তিয়াই থোৱা আলমণ্ড সহজে হজম হয় আৰু গ্ৰীষ্মকালত আপোনাৰ শৰীৰক ঠাণ্ডা কৰি ৰখাত সহায় কৰিব পাৰে।

কেঁচা আলমণ্ড খোৱাটো পাচনতন্ত্ৰৰ বাবে অলপ কঠিন হ’ব পাৰে। সেয়েহে আলমণ্ড তিয়াই ৰখাটো এটা ভাল অভ্যাস।

তিয়াই থোৱা আলমণ্ডত প্ৰয়োজনীয় ফেটি এচিড থাকে যিয়ে স্মৃতি শক্তি উন্নত কৰাত সহায় কৰে আৰু মগজুৰ শক্তি বৃদ্ধি কৰে।

তিয়াই থোৱা আলমণ্ড কেলচিয়াম, মেগনেছিয়াম আৰু ফছফৰাছৰ ভাল উৎস, যিবোৰ হাড়ৰ স্বাস্থ্যৰ বাবে অপৰিহাৰ্য খনিজ পদাৰ্থ।

তিয়াই থোৱা আলমণ্ডত পোৱা স্বাস্থ্যকৰ চৰ্বি আৰু এন্টিঅক্সিডেন্টে বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰিব পাৰে আৰু হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

তিয়াই থোৱা আলমণ্ডত এন্টিঅক্সিডেন্ট থাকে, আলমণ্ড দৈনিক খালে দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে।

যেতিয়া শুকান ফলৰ কথা ওলাই, আমাৰ মুখলৈ প্ৰথমে আলমণ্ডৰ কথা আহে। কিন্তু আপুনি জানেনে আলমণ্ড সকলোৰে স্বাস্থ্যৰ বাবে উপকাৰী নহয়। এনে বহু লোক আছে যাক আলমণ্ড নাখাবলৈ পৰামৰ্শ দিয়া হয়। কিছুমান ক্ষেত্ৰত, সেইবোৰ লাভজনক হোৱাৰ সলনি ক্ষতিগ্ৰস্ত হ’ব পাৰে।

যদি আপোনাৰ হজমৰ সমস্যা আছে তেন্তে আপুনি আলমণ্ড খোৱাৰ ক্ষেত্ৰত সাৱধান হ’ব লাগিব।

শৰীৰক দৈনিক মাত্ৰ ২৫ ৰ পৰা ৪০ গ্ৰাম আঁহৰ প্ৰয়োজন। আনহাতে এমুঠি আলমণ্ডত প্ৰায় ১৭০ গ্ৰাম আঁহ থাকে। গতিকে অধিক আলমণ্ড সেৱন কৰিলে পেটৰ সমস্যা হ’ব পাৰে।

আলমণ্ডত ভিটামিন ই সমৃদ্ধ। যদি আপুনি ইতিমধ্যে ভিটামিন ই ঔষধ ব্যৱহাৰ কৰি আছে, আপুনি অত্যাধিক পৰিমাণৰ ঔষধৰ সৈতে মোকাবিলা কৰিব লাগিব পাৰে।

বেছিকৈ কাঠবাদাম খালে ওজন বৃদ্ধি হ’ব পাৰে ৷ আচলতে ইয়াত অধিক পৰিমাণৰ চৰ্বি আৰু কেলৰি থাকে ৷ বহুতে কাঠবাদাম বেছিকৈ খালে এলাৰ্জী, ফুলা, ফোহা আদি সমস্যাত ভুগিবলগীয়া হয় ৷

যদি আপোনাৰ কিডনী ষ্টোনৰ সমস্যা আছে, তেন্তে আপুনি বেছি পৰিমাণে কাঠবাদাম খোৱাৰ পৰা বিৰত থাকিব লাগে ৷