মুখ্য-পৃষ্ঠা

পেৰিছৰ পৰা আকৌ আহিল ভাল খবৰঃ মল্লযুঁজত অমনে আনিলে পদক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পেৰিছ অলিম্পিকৰ পৰা ভাৰতলৈ আহিল ষষ্ঠটো পদক। মল্লযুঁজত অমন শ্বেহৰাৱাট দেশলৈ আজুঁৰি আনিলে ব্ৰঞ্জৰ পদক। ৫৭কেজি শাখাত ভাৰতীয় মল্লযুজাঁৰুগৰাকীয়ে এই সফলতা লাভ কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, এতিয়ালৈকে পেৰিছ অলিম্পিকত ভাৰতে এটা ৰূপ আৰু ৫টা ব্ৰঞ্জৰ পদক লাভ কৰিছে।

অমন শ্বেহৰাৱাটে এই পদক দখল কৰি আন এক ইতিহাস ৰচনা কৰিলে। ২০২৪ৰ অলিম্পিকত প্ৰথমবাৰলৈ অলিম্পিকত প্ৰৱেশ কৰিয়েই পদক অৰ্জন কৰা একমাত্ৰ ভাৰতীয় খেলুৱৈৰ খিতাপ দখল কৰিলে অমনে।

এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে, ২০০৮ বেইজিং অলিম্পিকৰ পৰাই ধাৰাবাহিকভাৱে মল্লযুঁজত পদক অৰ্জন কৰি আহিছে ভাৰতে। ২০০৮ত সুশীল কুমাৰে ব্ৰঞ্জৰ পদক, ২০১২চনত সুশীল কুমাৰে ৰূপৰ পদক আৰু যোগেশ্বৰ দত্তই ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল।

ঠিক তেনেদৰে এই ধাৰাবাহিকতা অক্ষুন্ন ৰাখি ২০১৬ৰ ৰিঅ অলিম্পিকত সাক্ষী মালিকে ব্ৰঞ্জৰ পদক, ২০২০ত ৰবি দহিয়া আৰু বজৰং পুণিয়াই অৰ্জন কৰিছিল পদক। ইয়াৰ পাছচতে ২০২৪ত অমনে এই পদক অৰ্জন কৰি অলিম্পিকৰ মল্লযুঁজত পদকৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিলে।