মুখ্য-পৃষ্ঠা

অযোধ্যাবাসী ফাঁকিবাজ আৰু স্বাৰ্থপৰঃ খোদ ‘লক্ষ্মণে’ কিয় ক'লে এনেকৈ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশত বিজেপিয়ে আশা কৰা ধৰণে ফলাফল লাভ নকৰিলে। তাৰ পিছতে এই বিষয়টোক লৈ বিজেপিৰ শীৰ্ষমহলত পৰ্যালোচনা চলি থকাৰ সময়তে লক্ষ্মণ খ্যাত  অভিনেতা সুনীল লহৰীয়ে কৰিছে এক বিতৰ্কিত মন্তব্য।

জনপ্ৰিয় ধাৰাবাহিক ৰামায়ণত লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰা সুনীল লহৰীয়ে অযোধ্যাবাসীক ‘ফাঁকিবাজ’ আৰু ‘স্বাৰ্থপৰ’ বুলি কটাক্ষ কৰিছে। নিজা সামাজিক মাধ্যমত অভিনেতাগৰাকীয়ে অযোধ্যাত বিজেপিৰ শোচনীয় পৰাজয়ৰ পাছতে অযোধ্যবাসীক এনেদৰে কটাক্ষ কৰে।

উল্লেখ কৰা প্ৰয়োজন যে, ফৈজাবাদ লোকসভা সমষ্টিৰ অন্তৰ্গত অযোধ্যাত বিজেপিয়ে অতি কম ভোট পাইছিল। ৰাম মন্দিৰ নিৰ্মাণৰ পাছত অনুষ্ঠিত হোৱা প্ৰথমটো নিৰ্বাচনত বিজেপিয়ে এনেদৰে পৰাজিত হোৱা বিষয়টোৱে বেচ চৰ্চা লাভ কৰিছিল। ইয়াৰ মাজতে অভিনেতাগৰাকীৰ এই মন্তব্যক বহুজনে তীব্ৰ গৰিহণা দিছে।

অযোধ্যা অন্তৰ্গত ফৈজাবাদ লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীগৰাকী সমাজবাদী প্ৰাৰ্থীৰ হাতত ৫৪হাজাৰৰো অধিক ভোটত পৰাজিত হৈছিল। এই সমষ্টিটোত সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থীগৰাকীয়ে ৫লাখ ৫৪হাজাৰ ভোট লাভ কৰাৰ বিপৰীতে বিজেপি প্ৰাৰ্থীগৰাকীয়ে ৪লাখ ৯৯হাজাৰ ভোট লাভ কৰিছিল।