মুখ্য-পৃষ্ঠা

জামুগুৰিহাটত গছপুলি ৰোপন কাৰ্যসূচী...

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাট: অমৃতবৃক্ষ আন্দোলনৰ লগত সংগতি ৰাখি জামুগুৰিহাটত দেওবাৰে বৃক্ষৰোপন কাৰ্যসূচী হাতত লয়। জামুগুৰিহাটৰ ধলাইবিলত অঞ্চলটোৰ ৰাইজে ১৯৫৫ চনতে স্থাপন কৰা শ্ৰীমন্তশঙ্কৰদেৱ সেৱাশ্ৰমৰ মুঠ ১৪ বিঘা মাটিত দেওবাৰে বৃক্ষৰোপন কাৰ্যসূচী শুভাৰম্ভ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷

দেওবাৰে শ্ৰীমন্তশঙ্কৰদেৱ সেৱাশ্ৰমৰ মাটিত অঞ্চলটোৰ পুৰুষ মহিলা আৰু যুৱক-যুৱতীসকলে ৰোপন কৰা মুঠ ১ হাজাৰ জোপা মূল্যবান গছৰ পুলি ৰোপন কাৰ্য্যসুচী শুভাৰম্ভ কৰি বিধায়ক গৰাকীয়ে কয় যে চৰকাৰৰ অমৃতবৃক্ষ আন্দোলনৰ লগত সংগতিৰাখি ৰাইজে ৰোপন কৰা বৃক্ষসমূহৰ জৰিয়তে অঞ্চলটোৰ পৰিৱেশ সুৰক্ষিত হব৷ বিধায়ক গৰাকীয়ে আশ্ৰমখন সুন্দৰ কৈ সজাই পৰাই তোলাৰ ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা সকলোধৰণৰ সহায় সযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ ইয়াৰ পিছতে সেৱাশ্ৰম প্ৰাংগনত অনুষ্ঠিত এখন বৃহৎ সভাত বিধায়ক পদ্ম হাজৰিকাৰ লগতে বাৰেচহৰীয়া ভাওনা কমিটিৰ সম্পাদক জয়ন্ত বৰাই বক্তব্য প্ৰদান কৰে৷