মুখ্য-পৃষ্ঠা

জম্মু-কাশ্মীৰত শূণ্য হ'ব সন্ত্ৰাসবাদ! গৃহমন্ত্ৰী অমিত শ্বাহৰ বিশেষ পৰিকল্পনা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গৃহমন্ত্রী অমিত শ্বাহে জম্মু-কাশ্মীৰৰ নিৰাপত্তা ব্যৱস্থা আৰু অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যে নতুন দিল্লীত দেওবাৰে এখন উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্রহণ কৰে। বৈঠকত অমিত শ্বাহে জম্মু কাশ্মীৰত শেহতীয়াকৈ হোৱা সন্ত্রাসবাদী কাৰ্যকলাপৰ পৰিপ্ৰেক্ষিতত কেন্দ্রীয় শাসিত অঞ্চলটোৰ নিৰাপত্তা ব্যৱস্থাৰ বুজ লয়।

কাশ্মীৰ উপত্যকাত যিদৰে সন্ত্রাসবাদী কার্যকলপাৰ বিৰুদ্ধে কঠোৰ ব্যবস্থা গ্রহণৰ জৰিয়তে শান্তি প্রতিষ্ঠা হৈছে, সেই একে ব্যৱস্থা গ্রহণ কৰি জম্মু অঞ্চল সন্ত্রাসবাদ মুক্ত কৰি তোলাৰ বাবে গৃহমন্ত্রীগৰাকীয়ে সংশ্লিষ্ট সংস্থাসমূহক নির্দেশ দিয়ে। তেওঁ লগতে কয় যে নৰেন্দ্র মোডী চৰকাৰে অভিনৱ পদ্ধতিৰে সন্ত্রাসবাদ নিয়ন্ত্রণ কৰি সমাজত আদর্শ প্রতিষ্ঠা কৰিবলৈ প্রতিশ্রুতিবদ্ধ।

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোৱাল, জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা, কেন্দ্রীয় গৃহ সচিব অজয় ভাল্লা, ইন্টেলিজেন্স ব্যুৰোৰ সঞ্চালক, সেনা বাহিনীৰ মুৰববীকে ধৰি জ্যেষ্ঠ সেনা বিষয়াসকল, কেন্দ্রীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ সঞ্চালক প্রধান, জম্মু আৰু কাশ্মীৰৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্রধানকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোক বৈঠকত উপস্থিত থাকে। উল্লেখযোগ্য যে ২৯ জুনত বার্ষিক অমৰনাথ যাত্ৰা আৰম্ভ হ'ব। এই যাত্রা ১৯ আগষ্টলৈ অব্যাহত থাকিব।