মুখ্য-পৃষ্ঠা

পদুলিত কাতি বিহুঃ তুলসী তলৰ চাকিৰে কঙালীত উজলিব চহাৰ জীৱন...

Asomiya Pratidin
বিষ্ণুৰ ভাৰ্যা লক্ষ্মীৰ আন এটা নাম তুলসী। তুলসী পূজা মানে হৈছে লখিমী পূজা। অভাৱ-অনাটনৰ পৰা ৰক্ষা পাবলৈ,উদং ভঁৰালৰ বাবে খেতিয়কৰ খং,মন সংযমী আৰু নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ কাতি বিহুৰ সময়ত তুলসীৰূপী লখিমীক পূজা আগবঢ়োৱা হয়। কাতি বিহুৰ সৈতে জৰিত হৈ থকা চহা জীৱনৰ আশা-আকাংক্ষা আৰু তুলসীৰ আধ্যাত্মিকতাক লৈ চয়নিকা শইকীয়াৰ আজিৰ প্ৰতিবেদন...

"সেই হৰিকেসে সেৱা কৰে নানা মত।

তুলসীকে সেৱে যিতো হৰি তুষ্ট তাত ॥"

তুলসীৰ পবিত্ৰতাৰ বিষয়ে সকলোৰে ধাৰণা একে। ইয়াক দেৱীজ্ঞান কৰি মানুহে পূজা কৰে। সনাতন ধৰ্মত তুলসী উদ্ভিদৰ এক বিশেষ স্থান আছে। কোৱা হয় যে তুলসীত দেৱী লক্ষ্মী থাকে। সেয়ে নিয়মীয়াকৈ তুলসীৰ উপাসনা কৰিলে মা লক্ষ্মী সন্তুষ্ট হয়। ঘৰত সুখ আৰু সমৃদ্ধি আহে। সেয়ে সকলোৰে ঘৰে ঘৰে তুলসী গছ দেখা যায়।শাস্ত্ৰৰ মতে তুলসী অতি পৱিত্ৰ গছ। বিষ্ণু পূজা আদিত তুলসী নহ’লে নচলে। ইয়াৰোপৰি শাস্ত্ৰত কোৱা হৈছে, তুলসী থাকিলে যমদেৱতায়ো ঘৰত প্ৰৱেশ কৰিব নোৱাৰে!

উল্লেখযোগ্য যে,তুলসী পাত অবিহনে ভগৱান শ্ৰীকৃষ্ণ আৰু বিষ্ণুৰ পূজা অসম্পূৰ্ণ বুলি গণ্য কৰা হয়। জ্যোতিষৰ মতে, যিহেতু তুলসী উদ্ভিদত দেৱী লক্ষ্মী বাস কৰে সেয়ে তুলসী পূজা কৰিলেও ঘৰত সুখ, শান্তি আৰু সমৃদ্ধি পোৱা যায়। হিন্দু ধৰ্মত তুলসী মাতাৰ ধৰ্মীয় গুৰুত্ব বহুত।সেয়ে প্ৰতিখন পূজাৰ নৈবদ্যত তুলসী,দুবৰি,তিল,দৈ আদি থকাটো বাঞ্চনীয়।

বৃক্ষ পূজাৰ ভিতৰত তুলসীক শ্ৰেষ্ঠ বুলি কোৱা হয়। সেয়েহে প্ৰতিঘৰ অসমীয়াই আহিন-কাতিৰ সংক্ৰান্তিত ঘৰৰ চোতালত মাটিৰ ঢিপ বনাই তুলসী ৰোপণ কৰে। তুলসীৰ তলত চাকি-বন্তি , ধূপ- ধূনা জ্বলাই, মাহ- প্ৰসাদ, ফলমূলেৰে প্ৰসাদৰ শৰাই ন-তুলসীৰ গুৰিত দিয়া হয়। ধূপ-ধূনাৰ সুগন্ধি, সুবাস বতাহত ওপঙি থাকে। চুবুৰিয়ে চুবুৰীয়ে হৰিনামৰ ধ্বনিয়ে আকাশ- বতাহ কঁপায় আৰু ঘৰে ঘৰে গৈ গৃহস্থৰ মঙ্গল কামনা কৰি গায়- 'তুলসীৰ তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই শৰধনু ধৰে।'

বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা তুলসীৰ লগত কাতি বিহুৰ সম্পৰ্ক। এফালে পৰম্পৰা আনফালে তুলসীৰ ঔষধি গুণ, যিয়ে আমাক প্ৰতি মুহূৰ্ততে সহায় কৰে। হাড়ক মাটি আৰু তেজক পানী কৰি কপালৰ ঘাম মাটিত পেলাই কৰা খেতি ডৰাই যাতে কৃষকক আশানুৰূপ ফল দিব পাৰে সেই উদ্দেশ্যে তুলসী মাক পূজা-অৰ্চনা কৰে। এই খেতিডৰাক বিভিন্ন পোক-পৰুৱা,চৰাই-চিৰিকটিৰ পৰা ৰক্ষা কৰাৰ বাবে পথাৰত চাকি বন্তি জ্বলোৱা হয়। খেতিডৰা শস্যশ্যামলা হৈ সোণগুটিৰে উপচি পৰাৰ কামনা কৰে চহা কৃষকে।

আই লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কেৱল তুলসী তল বা পথাৰতে নহয়, তামোলৰ তল, নাৰিকলৰ তল, পদূলি, ভঁৰাল ঘৰ, গোহালি ঘৰ, গৰাল, ৰান্ধনি ঘৰ আদি চাকি জ্বলাই পোহৰাই তোলে।গাঁও অঞ্চলত মাটিৰ চাকিৰ পৰিৱৰ্তে ঔটেঙাৰ বাকৰলিটো চাকি জ্বলায়। যাতে সকলোতে লখিমী আহি উপচি পৰে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন, তুলসী কেৱল ভাৰতবৰ্ষতে নহয়, আফ্ৰিকা, আৰব, ব্ৰাজিল, শ্ৰীলংকা, ব্ৰহ্মদেশ, চীন, জাপান আদি দেশতো পোৱা যায় বুলি জনা যায়। তুলসীৰ গছ যি ঠাইত থাকে সেই ঠাইৰ বায়ু শুদ্ধ হৈ থাকে।

ইয়াৰ উপৰি এই ঠাইত মেলেৰিয়া-প্লেগ আদি ৰোগৰ বীজাণুৱে একো কৰিব নোৱাৰে। প্ৰতি বছৰে ২৫ ডিচেম্বৰত তুলসী পূজন দিৱস পালন কৰা হয়। এই দিনটোত তুলসীক বিশেষভাৱে পূজা কৰা হয়। বিশ্বাস আছে যে তুলসীক পূজা কৰিলে জীৱনত সুখ আৰু সমৃদ্ধি ৰৈ যায়।

শাস্ত্ৰ অনুসৰি যি ঠাইত তুলসী থাকে, তাত হেনো বিষ্ণুভক্ত বৈষ্ণৱ আৰু শ্ৰীহৰি ভগৱান বিৰাজ কৰে। এক কথাত “তুলনা নাস্তি অথৈৰ তুলসী” অৰ্থাৎ যাৰ গুণৰ তুলনা নাই, সেয়াই হৈছে তুলসী।