মুখ্য-পৃষ্ঠা

কেতিয়াবা ভাৱেনে...

Asomiya Pratidin

ছয়নিকা শইকীয়া

কেতিয়াবা ভাৱি চায়নে! বিজ্ঞান আৰু তথ্য-প্ৰযুক্তিত আমি ইমান আগবাঢ়ি গৈছো যদিও পূৰ্বৰ বহু পৰম্পৰা বা কাম-কাজবোৰ আমাৰ বাবে কিমান কল্যাণকামী আছিল। আগতে মানুহ কুৱাঁ‌ৰ লেতেৰা পানী খাই ১০০ বছৰ জীয়াই আছিল, কিন্তু এতিয়া এতিয়া RO. পানী খাই ৪০-৬০বছৰতে মানুহ বুঢ়া হয়। আগতে শালত পেৰা তেল খাইয়ে বুঢ়া কালতো কষ্ট কৰিব পাৰিছিল এতিয়া ডাৱল, ত্রিপল ফিল্টাৰ কৰা তেল খাইও ডেকাতে ফোঁ‌পনিয়ে ধৰে। কিয় হয় এইবোৰ, কেতিয়াবা ভাৱেনে?

ককা- আজোককাৰ দিনত ডাঙৰ আকাৰৰ নিমখ খাইও বেমাৰ নহৈছিল এতিয়া আয়ডিন যুক্ত নিমখ খায় ৰক্তৰ চাপ উচ্চ নিম্ন হৈয়ে থাকে। এঙাৰ, নিমখ, নিম গছৰ ঠাৰিৰে দাঁ‌ত ঘঁ‌হি ৮০ বছৰ বয়সতো চব বস্তু চোবাই খাব পাৰিছিল কিন্তু এতিয়া নিমখ থকা বিভিন্ন তৰহৰ টুথপেষ্ট ব্যৱহাৰ কৰিও সদায় দাঁ‌তৰ ডাক্তৰৰ ওচৰত যাব লাগে। আগতে ক'লা গুৰৰ পৰা বনোৱা মিঠাই পেট ভৰি খাইছিল একো হোৱা নাছিল আৰু এতিয়া মিঠা না খাওঁ‌তেই চুগাৰে (মধুমেহ) বেঢ়ি ধৰে। কেতিয়াবা লক্ষ্য কৰিবচোন ককা-আজোককাহত বুঢ়া হৈ যোৱাৰ পিছতো আঁ‌ঠু বিষ নহৈছিল কিন্তু এতিয়া ডেকাই আঁ‌ঠু আৰু কান্ধৰ বিষত ছিয়ঁ‌ৰি থাকে। কেতিয়াবা ভাৱেনে কিয় হয় এনে?

ঘড়ীৰ কাটাৰ আগত ছেকেণ্ড, মিনিট, ঘন্টাকৈ সময়বোৰ বাগৰি গৈছে। পৰিৱৰ্তনশীল সময়ৰ সৈতে খোজত খোজ মিলাই গৈ আছো আমি। কেতিয়াবা ৰৈছো, কেতিয়াবা দৌৰিছো। কেতিয়াবা হঠাতে ভাৱিছো, কি হ'ব ভৱিষ্যত! খন্তেকৰ বাবে ৰৈ পুনৰ একেই যাত্ৰা, জীৱনৰ যাত্ৰা। বিজ্ঞান আৰু তথ্য-প্ৰযুক্তিৰ দ্ৰুত উন্নয়নে মানুহৰ জীৱনশৈলী বাৰুকৈয়ে সলনি কৰিছে। বিজ্ঞানে আমাক বহুদূৰ আগুৱাই নিলে। বিজ্ঞানৰ হাত ধৰিয়েই প্ৰতিদিনেই ন ন সৃষ্টিৰে বিকাশ হৈছে মানৱ সভ্যতা। কিন্তু তাৰ মাজতো এই দোমখোমিয়াৰ মাজত আপোনাৰ মনলৈও আনেহে এটা প্ৰশ্ন- বিজ্ঞানে আমাক কৰ পৰা কলৈ লৈ আনিলে?

বিজ্ঞানে সহজ কৰিছে কামবোৰ। ১০০জনৰ কাম ১জনেই কৰিব পৰা, ১০০দিনৰ কাম এদিনতে লেঠা মাৰিব পৰা প্ৰযুক্তি আনিলে বিজ্ঞানে। কিন্তু তাৰ মাজতো লাহে লাহে মানুহৰ মনলৈ এই প্ৰশ্ন আহিছে যে, বিজ্ঞানে আমাক কৰ পৰা কলৈ লৈ আনিলে? মূল কথালৈ যাম, কিন্তু তাৰ আগতে আপুনি সহজে অনুধাৱন কৰিব পৰাকৈ এটা উদাহৰণ দিব বিচাৰিছো। শেহতীয়াকৈ অসমত তাপমাত্ৰা প্ৰচণ্ড গতিত বৃদ্ধি পাইছে। গুৱাহাটীত তাপমাত্ৰা হৈছেগৈ ৩৭.৮ ডিগ্ৰী ছেলচিয়াছ। প্ৰচণ্ড গতিত বৃদ্ধি পাবলৈ লোৱা এই তাপমাত্ৰাৰ আঁৰৰ কাৰন অসমৰ পৰিৱৰ্তিত প্ৰাকৃতিক পৰিৱেশ। কেৱল অসমতে নহয়, শেহতীয়াকৈ সমগ্ৰ উত্তৰ-পূবত বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ।

আমেৰিকাৰ মেৰিলেণ্ড বিশ্ববিদ্যালয় (University of Maryland)-ৰ এদল বিজ্ঞানীয়ে চলোৱা এক সমীক্ষাত প্ৰকাশ পাইছিল যে, অসমত বিগত দুটা দশকত অতিপাত গতিত হ্ৰাস পাইছে বনাঞ্চল। বিশ্ববিদ্যালয়খনৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি- ২০২০ চনত উত্তৰ-পূবত ৫ৰ পৰা ১৪ শতাংশ কেনপি ক'ভাৰ (বৃক্ষ আচ্ছাদন) হ্ৰাস পাইছে। উক্ত অধ্যয়নৰ মতে এই সময়ছোৱাত অসমতে দেশৰ ভিতৰত সৰ্বাধিক পৰিমাণৰ (১৪.১ শতাংশ) কেনপি ক'ভাৰ লোপ পাইছে।

২০১০ চনত অসমত ২.৪২ মিলিয়ন হেক্টৰ (মুঠ মাটিকালিৰ ৩৩ শতাংশ) জুৰি প্ৰাকৃতিক বনাঞ্চল ভূমি আছিল। ২০২০ চনত ৰাজ্যখনত ১৭.৪ কিলো হেক্টৰ বনাঞ্চল ভূমি লোপ পায়, এইয়া ৮.০৪ মেট্ৰিক টন কাৰ্বন নিৰ্গমণৰ সমপৰ্য্যায়ৰ। ২০০২ আৰু ২০২০ চনৰ ভিতৰত অসমত ৫৯.০ কিলো হেক্টৰ আৰ্দ্ৰ বনাঞ্চল লোপ পাইছে যাৰ ফলত উক্ত সময়ছোৱাত ৰাজ্যখনৰ মুঠ বৃক্ষ আচ্ছাদনৰ ২৩ শতাংশ নাইকিয়া হৈ পৰিছে। এই সময়ছোৱাত অসমৰ ৭.৪ শতাংশ আৰ্দ্ৰ বনাঞ্চলৰ বিলুপ্তি ঘটিছে। ২০০১-ৰ পৰা ২০২০ চনৰ সময়ছোৱাত গড় হিচাপত ৯.৯৪ কিলো হেক্টৰ কেনপি ক'ভাৰৰ বিলুপ্তি ঘটাৰ বিপৰীতে অকল কাৰ্বি আংলঙতে সৰ্বাধিক ৯৭.৪ কিলো হেক্টৰ কেনপি ক'ভাৰ লোপ পাইছে।

উত্তৰ-পূবৰ বাকী ৰাজ্যসমূহতো এই সময়ছোৱাত প্ৰাকৃতিক বনাঞ্চলসমূহ ধ্বংসৰ গৰাহত পৰিছে। অৰুণাচল প্ৰদেশত ২০০১ৰ পৰা ২০২০ চনৰ ভিতৰত ২২২ কিলো হেক্টৰ (৩.৫ শতাংশ) বৃক্ষ আচ্ছাদনৰ বিলুপ্তি ঘটিছে। ২০২০ চনত ৰাজ্যখনৰ ১২.৬ কিলো হেক্টৰ প্ৰাকৃতিক বনাঞ্চলৰ বিলুপ্তি ঘটে, সেয়া ৬.৬৩ মেট্ৰিক টন কাৰ্বন নিৰ্গমণৰ সমপৰ্যায়ৰ। একেদৰে মণিপুৰত এই সময়ছোৱাত ৪৩.১ কিলো হেক্টৰ (৭.৫ শতাংশ) আৰ্দ্ৰ প্ৰাথমিক বনাঞ্চলৰ বিলুপ্তি ঘটাৰ লগতে ১৯৬ কিলো হেক্টৰ (১২ শতাংশ) বৃক্ষ আচ্ছাদন লোপ পাইছে।

২০১০ চনত মেঘালয়ত ১.৪৭ মিলিয়ন হেক্টৰ প্ৰাকৃতিক বনাঞ্চল ভূমি আছিল, কিন্তু ২০২০ চনত ৰাজ্যখনে ১২.৬ হেক্টৰ বনাঞ্চল ভূমি হেৰুৱায়। ২০০২ৰ পৰা ২০২০ চনলৈ ৰাজ্যখনত ৪২.৪ কিলো হেক্টৰ (৮.৩ শতাংশ) আৰ্দ্ৰ বনাঞ্চল লোপ পোৱাৰ বিপৰীতে এই সময়ছোৱাত ১৯৫ কিলো হেক্টৰ (১২ শতাংশ) বৃক্ষ আচ্ছাদন হ্ৰাস পায়। মিজোৰামত ২০২০ চনত ২৪.১ কিলো হেক্টৰ প্ৰাকৃতিক বনাঞ্চলৰ বিলুপ্তি ঘটে। ২০০২ৰ পৰা ২০২০ চনৰ ভিতৰত ৰাজ্যখনত ১৪.৪ কিলো হেক্টৰ আৰ্দ্ৰ প্ৰাথমিক বনাঞ্চল লোপ পোৱাৰ বিপৰীতে ২০০১ চনৰ পৰা ২০২০ চনৰ ভিতৰত মিজোৰামত ২৪৭ কিলো হেক্টৰ (১৩ শতাংশ) বৃক্ষ আচ্ছাদন হ্ৰাস পাইছে।

একেদৰে ২০২০ চনত নাগালেণ্ডৰ ১৫.২ কিলো হেক্টৰ প্ৰাকৃতিক বনাঞ্চল লোপ পায়। ২০০২ চনৰ পৰা ২০২০ চনলৈ ৰাজ্যখনৰ ২৯.২ কিলো হেক্টৰ আৰ্দ্ৰ প্ৰাথমিক বনাঞ্চলৰ বিলুপ্তি ঘটাৰ লগতে ২০০১ চনৰ পৰা ২০২০ চনলৈকে নাগালেণ্ডৰ ২২৫ কিলো হেক্টৰ (১৭ শতাংশ) বৃক্ষ আচ্ছাদন হ্ৰাস পায়। আনহাতে ত্ৰিপুৰাত ২০১০ চনত ৫৬০ কিলো হেক্টৰ প্ৰাকৃতিক বনাঞ্চল ভূমি আছিল যদিও ২০২০ চনত ১১.৩ কিলো হেক্টৰ বনাঞ্চল ভূমিৰ বিলুপ্তি ঘটে।

বহনক্ষম উন্নয়নলৈ পিঠি দি এনেদৰে বনাঞ্চল ধ্বংস কৰি যোৱাৰ ফলত শেহতীয়াকৈ উত্তৰ পূবত বৃদ্ধি পাইছে তাপমাত্ৰা। এই তাপমাত্ৰা বৃদ্ধিৰ আঁৰত অন্য বিভিন্ন আনুসংগিক কাৰন থাকিলেও দ্ৰুত হাৰত হ্ৰাস পোৱা বনাঞ্চলে বাৰুকৈয়ে চিন্তাত পেলাইছে প্ৰকৃতিপ্ৰেমীসকলক। বিজ্ঞানৰ দ্ৰুত বিকাশ আৰু উন্নয়নৰ প্ৰাকচক্ৰত লাহে লাহে জীয়াতু ভুগিব লগীয়া হৈছে মানৱ সমাজে। সেয়েহে হয়তো আজি মানুহৰ মনলৈ প্ৰশ্ন আহিবলৈ লৈছে যে, বিজ্ঞানে আমাক কৰ পৰা কলৈ লৈ আনিলে!

এতিয়া এটা ধাৰণা আহিল, জিমত গলেই সুস্বাস্থ্যৰ অধিকাৰী হয়। আগতেচোন নাৰী বা পুৰুষৰ বাবে না জিম আছিল না ব্যয়ামৰ কেন্দ্ৰ আছিল তথাপিও যে সকলোৱে স্বাস্থ্য অটুট আছিল, কিয়? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ প্ৰকৃতিৰ মাজত থাকি এবাৰ সুধিলেই বিচাৰি পাব। বিজ্ঞান-প্ৰযুক্তিৰ দ্ৰুত উন্নয়নৰ এই যাত্ৰাত আমি প্ৰকৃতিৰ সৈতে ভাৰসাম্য ৰাখিবলৈ পাহৰি গৈছো। যাৰ বাবেই ইমান আগবাঢ়ি গৈও আজি আমি অসংখ্য সমস্যাৰে জৰ্জৰিত।

আজিৰ সময়ত সমগ্ৰ বিশ্বৰ বাবে জলবাযু পৰিৱৰ্তন এক জ্বলন্ত সমস্যা হৈ পৰিছে। পৃথিৱীত পৰা সূৰ্যৰ বিকিৰনৰ মাত্ৰাৰ সালসলনি, ভূ গৰ্ভৰ টেকটনিক প্লেটৰ স্থানান্তৰ, আগ্নেয়গিৰি উদ্গীৰণ আদি প্ৰাকৃতিক কাৰনত জলবায়ুৰ পৰিবৰ্তন হয়। কিন্তু আজিৰ সময়ত মানুহৰ দ্বাৰা প্ৰাকৃতিক পৰিৱেশৰ বিনাশ, বায়ুমণ্ডলত বিষাক্ত ক্ষতিকাৰী গেছৰ নিৰ্গমন, মাটি আৰু নদীৰ পানীত হোৱা প্ৰদূষণ আদিৰ বাবে জলবায়ুৰ পৰিৱৰ্তন সমগ্ৰ বিশ্বজুৰি খৰতকীয়া গতিত হ'বলৈ লৈছে।

মুলত: মানৱ সৃষ্ট প্ৰদূষনৰ বাবে পৃথিৱীৰ বায়ুমণ্ডলৰ উঞ্চতা তড়িৎ গতিত বৃদ্ধি পাবলৈ লৈছে। এনে উঞ্চতা বৃদ্ধিয়ে উত্তৰ মেৰুৰ বৰফপিণ্ডবোৰ গলাবলৈ আৰম্ভ কৰিছে আৰু সাগৰ পৃষ্ঠৰ উচ্চতা ভয়াবহ ভাবে বৃদ্ধি হৈছে। গোলকীয় উষ্ণতা বৃদ্ধি একে গতিত চলি থাকিলে অচিৰেই সমুদ্ৰ পৃষ্ঠৰ ওচৰত থকা কেইবাখনো দেশৰ মাটি সাগৰৰ পানীত জাহ যাব।

আনহাতে বিশ্বজুৰি শীত আৰু গ্ৰীষ্ম কালৰ প্ৰাবল্য বৃদ্ধি পাব। সেইদৰে খৰাং আৰু প্ৰবল বৰষুণ দুয়োটাৰে প্ৰকোপ বৃদ্ধি হ'ব বুলি আশংকা কৰা হৈছে। অতিপাত শীত আৰু তুষাৰপাত, প্ৰচণ্ড গৰম, বিধ্বংসী বানপানীত মৃত্যুবৰণ কৰা লোকৰ সংখ্যা আশাতীত ভাৱে বৃদ্ধি হ'ব। বিশ্বৰ সকলো অঞ্চলতে জলবায়ুৰ নাটকীয় পৰিৱৰ্তনে প্ৰলয়ৰ সৃষ্টি কৰিব। গতিকে সময় থাকোতেই আমি নিজকে প্ৰশ্ন কৰিবৰ হল- বিজ্ঞানে আমাক কৰ পৰা কলৈ লৈ গ'ল…