মুখ্য-পৃষ্ঠা

মোজাম্মিলৰ ত্যাগ অথলে নগ'ল...

Asomiya Pratidin
মঙলদৈৰ এটি ফুলকুমলীয়া ছাত্র ধনটি। অন্য একাংশৰ সৈতে সেইদিনা খাৰুপেটীয়াত পিকেটিং কৰিবলৈ গৈছিল তেওঁ৷ তাতেই দয়া-মমতাহীন এচাম দুৰ্বৃত্তই মছজিদৰ পবিত্রতা বিনষ্ট কৰি তাৰ পৰা তেওঁক চোচৰাই আনি ৰডেৰে প্ৰহাৰ কৰিছিল। ফলত আহত হৈছিল তেওঁ, আৰু ৬ অক্টোবৰৰ দিনা সকলোকে কন্দুৱাই গুচি গৈছিল অচিন দেশলৈ৷ জাতিক জীয়াই ৰখাৰ স্বাৰ্থত তেওঁ ১২ বছৰ বয়সতে তেজেৰে ইতিহাস ৰচিছিল৷ ৭২ৰ ভাষা আন্দোলনৰ শ্বহীদ মোজাম্মিল হকক সুঁৱৰি চয়নিকা শইকীয়াৰ আজিৰ প্ৰতিবেদন...

"মঙ্গলদৈৰ কিশোৰ বাছা, ধনটি মোজাম্মিল।

মোজাম্মিলৰ ৰক্ত পাই ভাষা জিলমিল।।

শ্বহীদ মোজাম্মিলৰ ৰক্তে ভাষাকে বচায়

মোজাম্মিলৰ মঙ্গলদৈ চোন পীঠস্থান হয়।।"- ভূপেন হাজৰিকা

সেইদিনা আছিল ১৯৭২ চনৰ ৫ অক্টোবৰ। অসম ছাত্র সন্থাৰ আহ্বান মর্মে পিকেটিংকাৰী হিচাপে একাংশৰ সৈতে মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা খাৰুপেটীয়ালৈ গৈছিল ১২-১৫ বছৰীয়া ফুলকুমলীয়া এটা স্বেচছাসেৱকৰ দল।

দৰাচলতে সেই সময়ত অসমীয়া ভাষাক এলাগী কৰি অসমত বাংলা ভাষাক উচ্চ শিক্ষাৰ মাধ্যম কৰাৰ বাবে অসম বিধানসভাই গ্ৰহণ কৰা প্ৰস্তাৱৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থা প্ৰতিবাদমুখৰ হৈ পৰিছিল। অসমৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত একমাত্ৰ অসমীয়াই উচ্চ শিক্ষাৰ মাধ্যম হোৱাৰ দাবীৰে আছুৱে ৫ অক্টোবৰত ১২ঘণ্টীয়া অসম বন্ধৰ আহ্বান দিছিল। 

সেই মৰ্মে ৫অক্টোবৰৰ দিনা অসম বন্ধ সফল কৰিবলৈ মঙলদৈৰ পৰা ওলাই গৈছিল মোজাম্মিল। কিন্তু ফুলকুমলীয়া পিকেটিংকাৰীৰ দলটোৱে বুজা নাছিল এচাম বঙালী দুর্বৃত্তৰ কু-অভিসন্ধিৰ কথা৷ এই দলটোক লক্ষ্য কৰি অতর্কিতে আক্রমণ কৰিছিল আততায়ীয়ে। ফলত স্বেচছাসেৱী দলটো ছেদেলি-ভেদেলি হৈ যেনি-তেনি দৌৰিছিল৷ দুর্বৃত্তই তেতিয়াও খেদি খেদি ফুলকুমলীয়া বিচাৰ-বুদ্ধিত অপৈণত কিশোৰসকলৰ ওপৰত পাশৱিক আৰু অমানৱীয় অত্যাচাৰ চলাইছিল ৷

খাৰুপেটীয়াৰ আৰক্ষী, কর্মৰত দণ্ডাধীশে পৰিস্থিতি চম্ভালাত চৰম ব্যর্থতা প্রদর্শন কৰিছিল৷ ৪৪ জনকৈ স্বেচছাসেৱক দানৱীয় আক্রমণত আহত হৈ হোটেল, মন্দিৰ, মছজিদত আশ্রয় লোৱাৰ চেষ্টা কৰিছিল৷ তাৰ মাজতে আছিল আঘাতপ্রাপ্ত ধনটি । অৰ্থাৎ মোজাম্মিল।

১২ বছৰীয়া মোজাম্মিল দৌৰি গৈ মছজিদত সোমাইছিল ৷ কিন্তু দয়া-মমতাহীন দুৰ্বৃত্তই মছজিদৰ পবিত্রতা বিনষ্ট কৰি তাৰ পৰা তেওঁক ধৰি আনি লোহাৰ ৰড আৰু লাঠীৰে নির্মমভাৱে প্ৰহাৰ কৰিছিল। সংকটজনক অৱস্থাত পৰি ৰৈছিল ফুলকুমলীয়া মোজাম্মিল ৷ কেঁকনি আৰু আর্তনাদ শুনি কেইজনমান ছাত্র আৰু স্থানীয় লোকে খাৰুপেটীয়াৰ হাস্পতাললৈ লৈ গৈছিল মোজাম্মিলক৷ প্রাথমিক চিকিৎসাৰ পিছত তাৰ পৰা মঙলদৈ অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছিল৷

মঙলদৈৰ চিকিৎসকসকলৰ পৰামর্শ মতে অতি সংকটজনক অৱস্থাত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সেইদিনাই ভর্তি কৰা হৈছিল যদিও পিছদিনা অর্থাৎ ১৯৭২ চনৰ ৬ অক্টোবৰৰ পুৱা প্ৰায় ১০:৩০ বজাত চিৰদিনৰ বাবে চকু মুদিছিল মোজাম্মিল হকে।

ধনটি স্মৃতি হ'ল। আনকি সদৌ অসম ছাত্র সন্থাৰ দৰে জাতীয় অনুষ্ঠান সমূহেও তেওঁৰ ত্যাগৰ কথা স্মৰণ নকৰা হ'ল। ফলত অতীত হৈ পৰিল আইৰ মুখৰ ভাষাৰ বাবে বুকুৰ তেজ দিয়া মোজাম্মিল ৷ অৱশ্যে কটন বিশ্ববিদ্যালয়ত মোজাম্মিলৰ স্মৃতিৰ সাক্ষৰ বহন কৰি আছে এটি ছাত্ৰাবাসে।

দেউতাক নাছিৰুদ্দিন আহমেদ আৰু মাক হামিদা বেগমৰ বুকু উদং হ'ল যদিও ফুলকুমলীয়া ধনটিৰ স্মৃতি পাহৰণিৰ গৰ্ভত যোৱাৰ পূৰ্বে আহিল এটা ভাল খবৰ। ধনটিৰ ত্যাগ অথলে নগ'ল। মোজাম্মিলৰ মৃত্যুৰ ৫২ বছৰ পাছত বহু উত্থান–পতন, ঘাত-প্ৰতিঘাত নেওচি আইৰ মুখৰ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰূপে স্বীকৃতি পালে।

নিৰন্তৰ চেষ্টাৰ অন্তত অসমীয়া ভাষা-সাহিত্যলৈ আহিল সেই ভাল খবৰটো, যিয়ে কাললৈ মহীয়ান কৰি ৰাখিব অসমীয়া জাতিক। অসম আৰু অসমীয়াৰ বাবে এয়া একবিংশ শতিকাৰ প্ৰাৰম্ভণৰ এক অন্যতম সুখৰ বতৰা। শ্বহীদ সকলৰ ত্যাগৰ প্ৰতি সন্মান জনাই ভাৰত চৰকাৰে দিয়া ধ্ৰুপদী ভাষাৰ মৰ্যাদাৰ ফলত অসমীয়া ভাষাৰ যে ভৱিষ্যৎ সুৰক্ষিত হ'ল এয়া নিশ্চিত।