মুখ্য-পৃষ্ঠা

অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা সভাত গালি পৰা আনন্দ মিশ্ৰক জয়ী হ’লে আদৰিবলৈ সাজু বিজেপি!

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ আগত অংক নিমিলিল যদিও, নিৰ্বাচনৰ পাছত হলেও আনন্দ মিশ্ৰৰ সৈতে বিজেপিয়ে কৰিছে এটা ডাঙৰ অংক। সকলো ভালে ভালে মিলি গলে অচিৰেই বিজেপিৰ এগৰাকী প্ৰভাৱশালী নেতা ৰূপত দেখিবলৈ পাব প্ৰাক্তন আই পি এছ তথা লোকসভা নিৰ্বাচনৰ নিদৰ্লীয় প্ৰাৰ্থী আনন্দ মিশ্ৰক।

শনিবাৰে দেশত ২০২৪ৰ লোকসভা নিৰ্বাচনৰ শেষৰটো পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হব। ইয়াৰ পাছতে ৪জুনত ওলাব নিৰ্বাচনৰ ফলাফল। কিন্তু ফলাফল ওলোৱাৰ পূৰ্বেই আনন্দ মিশ্ৰৰ বাবে বিজেপিয়ে দিছে এটা বিশেষ অফাৰ।

বিহাৰৰ বক্সাৰ সমষ্টিত আনন্দ মিশ্ৰই প্ৰতিটো কোণতে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে। যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকলক লৈ ব্যতিক্ৰমীধৰণে প্ৰচাৰ চলাইছিল আনন্দ মিশ্ৰই। আনন্দ মিশ্ৰই এই প্ৰচাৰৰ ঢৌত পূৰ্বৰে পৰা বিজেপিৰ দখলত থকা এই সমষ্টিটো এইবাৰ শাসকীয় দলটোৱে হেৰুৱাব বুলি চৰ্চা হৈছে।

চৰ্চা চলিছে যে, ২০১৯ৰ নিৰ্বাচনত ৪৭শতাংশ ভোট লাভ কৰি বিজেপিয়ে দখলত ৰখা এই সমষ্টিটোত আনন্দ মিশ্ৰই ৪৫শতাংশো অধিক ভোট লাভ কৰি জয়লাভ কৰিব। ইতিমধ্যে বিহাৰৰ বহুকেইটা ডিজিটেল সংবাদমাধ্যমত এনে খবৰ প্ৰচাৰ হৈছে।

এনে খবৰৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিজেপিয়ে শেহতীয়াকৈ আনন্দ মিশ্ৰক বিজেপিক যোগদান কৰিবৰ বাবে আহ্বান জনাইছে। মুকলিকৈ নহলেও এগৰাকী কেন্দ্ৰীয় নেতা হতুৱাই এই যোগাযোগ হৈছে বুলি জানিব পৰা গৈছে। উল্লেখ কৰা প্ৰয়োজন যে, আনন্দ মিশ্ৰৰ এগৰাকী সম্বন্ধীয় বিজেপিৰ কেন্দ্ৰীয় নেতা। বিজেপিত যোগদান কৰিলে উচিত পদত সংস্থাপন কৰি উচিত মৰ্যদা প্ৰদান কৰিব বুলিও প্ৰস্তাৱ আহিছে বুলি জানিব পৰা গৈছে।

ইফালে এই খবৰ প্ৰচাৰ হোৱাৰ পাছতে বিশেষভাৱ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগও শেহতীয়াকৈ চৰ্চালৈ আহিছে। কিছুদিনৰ আগেয়ে হিমন্ত বিশ্ব শৰ্মাই বক্সাৰত প্ৰচাৰ চলাই বিজেপিৰ জয় নিশ্চিত বুলি দাবী কৰি মিশ্ৰক মিছলীয়া বুলি আখ্যা দিছিল। কেৱল এয়াই নহয় মিশ্ৰক পুনৰ অসমলৈ ঘূৰাই নিম বুলিও একপ্ৰকাৰৰ সকিয়নী প্ৰদান কৰিছিল।

মুখ্যমন্ত্ৰীগৰাকীৰ এই কটাক্ষৰো প্ৰত্যুত্তৰ দিছে আনন্দ মিশ্ৰই। তেওঁ কৈছে যে, মোক ঘূৰাই নিও বুলি কলেই ঘূৰাই নিব নোৱাৰে। তেওঁ মোক মিছলীয়া বুলি কোৱাৰ অধিকাৰ নাই। বৰঞ্চ তেওঁহে মোক বিজেপিত যোগদান কৰিলে ভাল পদবী দিম বুলি কথা দিছিল। কিন্তু সময়মতে তেওঁৰ কথা কাৰ্যক্ষেত্ৰত ৰূপায়িত নহল।‘

অৱশ্যে বিজেপিত যোগদান কৰিবলৈ বিজেপিৰ পৰা যোগাযোগ কৰাৰ সন্দৰ্ভত কোনো কথা ৰাজহুৱা কৰা নাই আনন্দ মিশ্ৰই। এতিয়াহে সময়েহে কব আনন্দ মিশ্ৰই কি সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে বিজেপিৰ লগতে আৰ এছ এছৰ সৈতে মিশ্ৰই আগৰে পৰাই এক সুসম্পৰ্ক বজাই ৰাখিছে। এনেসমূহ কথা পৰ্যালোচনা কৰিলে মিশ্ৰই বিজেপিৰ এই অফাৰ প্ৰত্যাখ্যান কৰাৰ সম্ভাৱনা খুবেই কম।