মুখ্য-পৃষ্ঠা

অৰুণাচলত বিজেপি আৰু ছিকিমত SKM অপ্ৰতিৰোধ্য...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অৰুণাচলত পূৰ্বৰ ১০খন আসনৰ সৈতে এতিয়ালৈকে ২৭খন আসনত বিজয় সাব্যস্ত বিজেপিৰ। বাকী ১৯খন আসনত অগ্ৰগতি লাভ কৰি আছে বিজেপিয়ে। ইফালে এই মূৰ্হুতৰ লৈকে ১খন আসন দখল কৰিছে এন পি ই পি দলে। বাকী ৪খন আসনত আগবাঢ়ি আছে এই দলটোৰ প্ৰাৰ্থী।

ইফালে অৰুণাচলত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী ইতিমধ্যে জয়ী হৈছে। খনছা (ইষ্ট) সমষ্টিত ৱাংলাম ছাৱিন নামৰ নিদৰ্লীয় প্ৰাৰ্থীগৰাকীয়ে ২২১৬টা ভোট বিজয় সাব্যস্ত কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, অৰুণাচলত এন চি পি দলে এতিয়ালৈকে ৩খন আসনত আগবাঢ়ি আছে। পি পি এ দল ২খন আসনত আগবাঢ়ি আছে।

আনহাতে ছিকিমৰ ৩২খন আসনৰ ভিতৰত ৩১খন আসনতে অগ্ৰগতি লাভ কৰি আছে এছ কে এমে। বৰ্তমানলৈ ১৫খন আসনত জয়লাভ কৰা দলটো বাকী ১৬ খন আসনত অগ্ৰগতি লাভ কৰি আছে। ইতিমধ্যে এছ কে এম দলৰ নেতা তথা ছিকিমৰ মুখ্যমন্ত্ৰীগৰাকী ৰেনক সমষ্টিৰ পৰা বিজয় সাব্যস্ত কৰিছে। ইফালে এছ ডি এফে ৰাজ্যখনত এখন আসনত বিজয় সাব্যস্ত কৰিছে।