মুখ্য-পৃষ্ঠা

বিধানসভা নিৰ্বাচন২০২৪ঃ অব্যাহত আছে অৰুণাচল-ছিকিমৰ ভোটগণনা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেওবাৰে পুৱা ৬বজাৰ পৰা আৰম্ভ হৈছে অৰুণাচল প্রদেশ আৰু ছিকিম বিধানসভা নির্বাচনৰ ভোটগণনা। আজি দুয়োখন ৰাজ্যত অন্ত পৰিব বিধানসভাৰ কাৰ্যকালৰ। প্রথমে পোষ্টেল বেলট আৰু ইলেকট্রনিকভাৱে প্রেৰণ কৰা বেলটৰ ভোটগণনা কৰা হয়। ইয়াৰ পাছত ৬.৩০বজাৰ পৰা ই ভি এমৰ ভোটগণনা আৰম্ভ হৈছে।

উত্তৰ-পূৰ্বাঞ্চলৰ এই দুয়োখন ৰাজ্যৰ বিধানসভা আৰু লোকসভা নির্বাচন যোৱা ১৯ এপ্রিলত অনুষ্ঠিত হৈছিল। উল্লেখযোগ্য যে, অৰুণাচল প্রদেশত ৬০খন বিধানসভা আসনৰ ১০খন আসনত বিজেপিয়ে ইতিমধ্যে বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। আজি ৫০খন আসনৰ বাবে ভোটগণনা অনুষ্ঠিত হৈছে। আনফালে ছিকিমত ৩২খন বিধানসভা আসনৰ ভোটগণনা অব্যাহত আছে।

অৰুণাচল প্রদেশত ২৪টা ভোট গণনা কেন্দ্র স্থাপন কৰা হৈছে আৰু ২হাজাৰৰো অধিক নির্বাচনী বিষয়া গণনা প্রক্রিয়াত নিয়োগ হৈছে। দেওবাৰে বিধানসভা নিৰ্বাচনৰ ভোটগণনা হোৱাৰ বিপৰীতে ৰাজ্য দুখনৰ লোকসভা আসনৰ ভোটগণনা অহা ৪ জুনত হ'ব। ভোটগণনা উপলক্ষে ২-৪ জুনত ৰাজ্যখনত ড্রাই ডে ঘোষণা কৰা হৈছে।