ভাল দিন, বেয়া দিন সকলো সময়তে কেজৰিৱালৰ প্ৰথম পছন্দ মঙলবাৰ...

ভাল দিন, বেয়া দিন সকলো সময়তে কেজৰিৱালৰ প্ৰথম পছন্দ মঙলবাৰ...

author-image
Asomiya Pratidin
New Update
ভাল দিন, বেয়া দিন সকলো সময়তে কেজৰিৱালৰ প্ৰথম পছন্দ মঙলবাৰ...

ডিজিটেল ডেস্কঃ দিল্লীৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱালৰ সৈতে মঙলবাৰৰ এটা বিশেষ সম্পৰ্ক আছে। সেয়েহে শাসন ভাৰ লোৱাৰ পৰা আদি শাসন ভাৰ এৰাৰ লৈকে কেজৰিৱালে নিৰ্বাচন কৰে কেৱল মঙলবাৰ দিনটো। শেহতীয়াকৈ দিল্লীৰ মুখ্যমন্ত্ৰীত্ব ত্যাগ কৰাৰ বাবেও কেজৰিৱালে নিৰ্বাচন কৰিছে সপ্তাহটোৰ মঙলবাৰদিনটোৱেই।

দৰাচলতে অৰবিন্দ কেজৰিৱাল হৈছে হনুমানৰ একান্ত ভক্ত। সুখৰ দিনেই হওক বা বেয়া দিনেই হওক অৰবিন্দ কেজৰিৱালক দেখা পোৱা যায় হনুমান মন্দিৰত। ৰাজনীতি প্ৰৱেশ কৰাৰ আগৰ পৰাই হনুমানৰ ওপৰত থকা তেওঁৰ আস্থা বিভিন্ন কাম-কাজত প্ৰকাশ পাইছে।

যেতিয়া আন্দোলনৰ পাছতে কেজৰিৱাল ৰাজনীতিত প্ৰৱেশ কৰিছিল সেই সময়ত আম আদমী পাৰ্টিৰ প্ৰথমটো কাৰ্যালয় হনুমান মন্দিৰৰ সমীপতে লৈছিল অৰবিন্দ কেজৰিৱালে। ২০২০ৰ দিল্লী বিধানসভা নিৰ্বাচনৰ আগত প্ৰায়ে হনুমান মন্দিৰলৈ গৈছিল কেজৰিৱাল। তাৰ পিছতে নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছতো হনুমান মন্দিৰলৈ সপৰিয়ালে হৈছিল কেজৰিৱাল।

২০১৩চনত আন্দোলনৰ পৰা সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰাৰ কথা ঘোষণা কৰাৰ পাছতে পোনে পোনে হনুমান মন্দিৰলৈ আশীষ লৈছিল তেওঁ। প্ৰথমবাৰ মাত্ৰ ৪৯দিনৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছতে ২০১৫ত যেতিয়া আকৌ মুখ্যমন্ত্ৰী হৈছিল, তেতিয়াও ফলাফল প্ৰকাশ পোৱাৰ পাছতে প্ৰথমতেই কেজৰিৱাল গৈছিল হনুমা মন্দিৰলৈ।

২০২৪ৰ লোকসভা নিৰ্বাচনৰ সময়ত যেতিয়া জামিন লাভ কৰিছিল, তেতিয়াও পত্নীৰ সৈতে হনুমানৰ আশীষ লবলৈ মন্দিৰত উপস্থিত হৈছিল অৰবিন্দ কেজৰিৱাল। শেহতীয়াকৈ জামিন লাভ কৰিও হনুমান মন্দিৰলৈ আৰ্শীবাদ লবলৈ নাপাহৰিলে তেওঁ। এনে পৰিপ্ৰেক্ষিতত অহা মঙলবাৰেও হনুমানৰ আৰ্শীবাদ লৈয়ে মুখ্যমন্ত্ৰীৰ গাদী এৰিব কেজৰিৱালে।

মঙলবাৰ