মুখ্য-পৃষ্ঠা

প্ৰাক্তন বিধায়ক অশোক শৰ্মালৈ কাৰণ দৰ্শোৱাৰ জাননী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যিক বিজেপিয়ে প্ৰাক্তন বিধায়ক অশোক শৰ্মালৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে। ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ মাননীয় সভাপতি শ্রীযুত ভৱেশ কলিতাৰ নির্দেশমৰ্মে এই জাননী জাৰি কৰিছে।

৭ মে' তাৰিখে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্রহণৰ দিনা সংবাদ মাধ্যমৰ আগত ৰাজহুৱাভাৱে দলীয় নেতৃত্বক সমালোচনা কৰা আৰু দলৰ আভ্যন্তৰীণ বিষয় ৰাজহুৱাভাৱে উপস্থাপন কৰি দলক জনমানসত হেয় প্রতিপন্ন কৰাৰ লগতে ভোটাৰ ৰাইজক প্ৰভাৱিত কৰাকৈ উচতনিমূলক বক্তব্য প্রদান কৰাৰ অভিযোগত কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে।

প্ৰাক্তন বিধায়কগৰাকীৰ বিৰুদ্ধে কিয় দলীয় অনুশাসনমূলক ব্যৱস্থা গ্রহণ কৰা নহ'ব সেই সম্পৰ্কে এই সম্পৰ্কে উত্তৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে। ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে জাৰি কৰিলে এই জাননী। ২০ মে'ৰ ভিতৰত ৰাজ্যিক সমিতিৰ মুখ্য কাৰ্য্যালয়ত উপযুক্ত কাৰণ দর্শাই লিখিত পত্র দাখিল কৰিবলৈ এই জনানীযোগে প্ৰাক্তন বিধায়ক অশোক শৰ্মাক নিৰ্দেশ দিছে।