মুখ্য-পৃষ্ঠা

আত্মৰক্ষাৰ বাবে দল এৰিছোঃ আনুষ্ঠানিকভাৱে বিজেপিক বিদায় দিলে অশোক শৰ্মাই...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অৱশেষত কাগজে-কলমে বিজেপি ত্যাগ কৰিলে নলবাৰীৰ প্ৰাক্তন বিধায়ক তথা বিজেপিৰ জ্যেষ্ঠ নেতা অশোক শৰ্মাই। বশিষ্ঠস্থিত বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ পদত্যাগ পত্ৰ প্ৰদান কৰিলে অশোক শৰ্মাই। দলীয় নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি অশোক শৰ্মাই দলৰ মজিয়াত লাঞ্চনাৰ পোৱাৰ বাবেই দল এৰা বুলি মন্তব্য কৰে।

পদত্যাগ পত্ৰ প্ৰদান কৰি সংবাদমাধ্যমৰ সন্মুখত তেওঁ কয়- লাঞ্ছনাৰ বাবেই মই বিজেপিৰ ভাল দিনত দল এৰিব বিচাৰিছো। মোৰ আত্মৰক্ষাৰ বাবে দল এৰিছো।‘ বিজেপিৰ নেতাগৰাকীয়ে লগতে কয় যে, মই ৯ তাৰিখে কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনাই অধিক।

বিজেপিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি তেওঁ লগতে কয়- ‘‘মোৰ বলিদানে দলৰ নিষ্ঠাৱান পুৰণি কৰ্মীৰ উপকাৰ সাধিলে সুখী হ’ম। দলৰ পৰা এলাগি কৰি ৰখা পুৰণি কৰ্মীক এতিয়া প্ৰলোভন দিয়া আৰম্ভ হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, দীৰ্ঘদিনৰ পৰা দলৰ বিভিন্ন কাৰ্যকৰ্মক লৈ অসন্তুষ্ট হৈ আছিল অশোক শৰ্মা।