মুখ্য-পৃষ্ঠা

ৰাজধানী দিল্লীত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজধানী দিল্লীত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। দিল্লীত ৰহস্যজনকভাৱে মৃত্যু অসমৰ এগৰাকী যুৱতীৰ। দিল্লীৰ দ্বাৰাকাত বাস কৰা অসমৰ শিলচৰৰ যুৱতীগৰাকীৰ ৰহস্যজনকভাৱে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

যুৱতীগৰাকীক শিলচৰৰ চিবিলা বাচ্চিয়াৰ স্নেহা নাথ চৌধুৰী বুলি চিনাক্ত কৰা হৈছে। ২১বছৰীয়া স্নেহা নাথ দিল্লীত এগৰাকী জিম প্ৰশিক্ষক হিচাপে কৰ্মৰত আছিল। নিজ প্ৰেমিকৰ চুৰীৰ আক্ৰমণত মৃত্যু হয় যুৱতীগৰাকীৰ।

হত্যাকাৰী প্ৰেমিক কাছাৰৰ চান্নিঘাটৰ বাসিন্দা ৰাজ কৰ্মকাৰ বুলি জানিব পৰা গৈছে । দীৰ্ঘদিনৰ পৰা দুয়োৰে মাজত চলি আহিছিল বিবাদ ।

শনিবাৰে দিল্লীৰ দ্বাৰাকাৰ পোঞ্চনপুৰ কলনীত বাস কৰা স্নেহাৰ নাথ চৌধুৰীৰ ফ্লেটত হঠাৎ আহি উপস্থিত হয় প্ৰেমিক ৰাজ কৰ্মকাৰ । কিবা এটা বিষয় লৈ দুয়োৰে মাজত কাজিয়াৰ সৃষ্টি হয় ৷ এটা সময়ত ৰাজ কৰ্মকাৰ আৰু স্নেহাৰ মাজত হতাহতিৰ সৃষ্টি হয়। ইয়াৰ মাজত হঠাৎ ৰাজ কৰ্মকাৰে চুৰীৰে উপৰযোপুৰি আক্ৰমণ চলায় স্নেহা নাথ চৌধুৰীক।

ফলত প্ৰেমিকৰ ছুৰীকাঘাতত ঘটনাস্থলীত মৃত্যু হয় স্নেহাৰ। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত দিল্লী আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ফ্লেটৰ পৰা আহত অৱস্থাত গ্ৰেপ্তাৰ কৰে হত্যাকাৰী প্ৰেমিক ৰাজ কৰ্মকাৰক।

প্ৰাথমিক তদন্তত হত্যাকাৰী প্ৰেমিক ৰাজ কৰ্মকাৰে আৰক্ষীক জনায় যে তেওঁৰ লগত সম্পৰ্ক থকাৰ পাছতো প্ৰেমিকা স্নেহা নাথ চৌধুৰীয়ে আন এজন যুৱকৰ লগত সম্পৰ্ক স্থাপন কৰি আহিছিল। এই কথা সহ্য কৰিব নোৱাৰি তেওঁ স্নেহাক হত্যা কৰিছে বুলি জনায় দিল্লী আৰক্ষীক । ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীৰ তদন্ত অব্যাহত আছে।

ইপিনে জানিব পৰা মতে, হত্যাকাৰী প্ৰেমিক ৰাজ কৰ্মকাৰ কাছাৰৰ নিজ ঘৰৰ পৰা যোৱা ২৫ তাৰিখৰ পৰা নিখোঁজ হৈ আছিলে।