মুখ্য-পৃষ্ঠা

অসম কৃষি বিশ্ববিদ্যালয়ৰ আন্তৰাষ্ট্ৰীয় সংস্থা 'কেবি'ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, যোৰহাটঃ কৃষিক্ষেত্ৰৰ শেহতীয়া তথ্য প্ৰযুক্তি কৃষকৰ কাষলৈ নি ইয়াৰ জৰিয়তে কৃষকক সকাহ দিয়াৰ বাবে আজি অসম কৃষি বিশ্ববিদ্যালয়ে আন্তঃৰাষ্ট্ৰীয় সংস্থা "কেবি"ৰ সৈতে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালকালয়ৰ সভা গৃহত আয়োজিত এক বিশেষ অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড: সঞ্জয় কুমাৰ চেতিয়া আৰু "কেবি" ৰ দক্ষিণ এছিয়াৰ আঞ্চলিক সঞ্চালক ড: বিনোদ পণ্ডিতে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে।

অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: বিদ্যুৎ চন্দন ডেকাৰ উপস্থিতিত স্বাক্ষৰিত এই চুক্তিৰ জৰিয়তে কেবিৰ শেহতীয়া উদ্ভাৱন "প্লেন্টৱাইজ প্লাছ " ৰ মাধ্যমেৰে কৃষকক তাৎক্ষণিক ভাবে খেতিৰ লগত জড়িত অসুবিধা আৰু কীট পতংগ ব্যৱস্থাপনা তথা ঔষধ প্ৰয়োগ আৰু নিৰাময়ৰ ওপৰত যাবতীয় দিহা পৰামৰ্শ প্ৰদান কৰা হ'ব।

বিশেষকৈ ডিজিটেল শিক্ষণ সম্পদৰ আৰু প্লেন্ট ক্লিনিক তথ্য ব্যৱস্থাপনাৰ জৰিয়তে খেতিপথাৰতে কৃষকৰ সমস্যাৰ সমিধান দিয়া হ'ব। চুক্তি স্বাক্ষৰ অনুষ্ঠানত বক্তব্য ৰাখি "কেবি" ৰ দক্ষিণ এছিয়াৰ আঞ্চলিক সঞ্চালক ড: বিনোদ পণ্ডিতে শস্যৰ ক্ষতিৰ অনুমান, পূৰ্বাভাস, ৰোগ আৰু কীট-পতংগৰ আগতীয়া সতৰ্কবাণীৰ বাবে তথ্য বিশ্লেষণ কৰি কৃষি আৰু কৃষকক সকাহ দিয়াৰ বাবে এই চুক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা ব্যক্ত কৰে।

অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: বিদ্যুৎ চন্দন ডেকাই এই চুক্তিৰ জৰিয়তে অসমৰ কৃষি আৰু কৃষকৰ সামগ্ৰিক উত্তৰণৰ দিশত ফলদায়ক হ'ব বুলি আশা ব্যক্ত কৰে। বিজ্ঞানী ড: পৰিণ্ডা বৰুৱাই আদৰণি ভাষণ আগবঢ়োৱা এই চুক্তি স্বাক্ষৰ আৰু মাষ্টাৰ ট্ৰেইনাৰ প্ৰশিক্ষণ কাৰ্যসূচীত অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড: ৰঞ্জিত কুমাৰ সাউদৰ লগতে কেইবাজনো মুৰব্বী অধ্যাপক, গৱেষক বিজ্ঞানী আৰু প্ৰকল্পৰ সহযোগীয়ে অংশগ্ৰহণ কৰে।