মুখ্য-পৃষ্ঠা

সদলবলে অসমত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মঙলবাৰে নিশা সদলবলে আহি গুৱাহাটীত উপস্থিত হয় মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে। পৰিয়াল আৰু ১৩জনীয়া এটা দলৰ সৈতে গুৱাহাটী বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতে অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘালে আদৰণি জনায় মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীক।

বুধবাৰে পুৱাই পৰিয়ালৰ সৈতে কামাখ্যা ধামত উপস্থিত হয় একনাথ সিন্দে। নিশাতো হোটেল ৰেডিশ্যন ব্লুতে কটায় মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। সংবাদমাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যথেষ্ট ভাল কাম কৰি আছে। হাৰিয়ানাত তেওঁৰ সৈতে মই আলোচনাত বহিছিলো। মহাৰাষ্ট্ৰতো এন ডি এ মিত্ৰজোটেঁ অধিক ভাল ফলাফল প্ৰদৰ্শন কৰিব।

উল্লেখ কৰা প্ৰয়োজন যে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাত কৰাৰ কথা আছিল যদিও এতিয়ালৈকে কোনো কথা সদৰি কৰা নাই।