মুখ্য-পৃষ্ঠা

কেবিনেটৰ সিদ্ধান্ত: ২০০খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীতকৰণ কৰা হ'ব মহকুমা অসামৰিক চিকিৎসালয়

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনাৰ সাংস্কৃতিক বৈভৱ, ঐতিহ্যমণ্ডিত ফাটবিহু বাকৰিৰ আন্তঃগাঁঠনি উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে আৱন্টন দিব ২০ কোটি টকা। অসমীয়া লোক সংস্কৃতিৰ একক সম্পদ ফাটবিহু বাকৰিত এটা সাংস্কৃতিক কমপ্লেক্স নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে শীঘ্ৰেই এই বৃহৎ পুঁজি আৱন্টন দিব।

অসম চৰকাৰৰ মঙলবাৰে অনুষ্ঠিত লখিমপুৰ কেবিনেট বৈঠকৰ অন্তত এই সিদ্ধান্ত ৰাজহুৱা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰোপৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ঢকুৱাখনাৰ বৰ্তমানৰ ৩০খন বিচনাযুক্ত মহকুমা অসামৰিক চিকিৎসালয়খন ২০০খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীত কৰাৰ বাবে লখিমপুৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ কথাও ব্যক্ত কৰে। ঢকুৱাখনাত এখন জিলা অসামৰিক পৰ্য্যায়ৰ চিকিৎসালয় স্থাপনৰ লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

লখিমপুৰ কেবিনেটে মঙলবাৰে গ্ৰহণ কৰা এই সিদ্ধান্তক আদৰণি জনাইছে ফাটবিহুৰ স্থায়ী সমিতিৰ সম্পাদক বসন্ত শইকীয়া আৰু সভাপতি ভাস্কৰ দাসে। আনহাতে মহকুমা অসামৰিক চিকিৎসালয়খনক ২০০খন বিচনাযুক্ত অসামৰিক চিকিৎসালয়লৈ উন্নীত কৰাৰ বাবে কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তক উৎফুল্লিত হৈ পৰিছে ঢকুৱাখনাবাসী । লখিমপুৰ কেবিনেটৰ এই সিদ্ধান্তৰ প্ৰতি ঢকুৱাখনাবাসীয়ে মুখ্যমন্ত্ৰী শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰি শীঘ্ৰে এই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ বাবে আহ্বান জনায়।

উল্লেখ্য যে লখিমপুৰ জিলা অসামৰিক চিকিৎসালয়খন ঢকুৱাখনাৰ পৰিবৰ্তে অন্য স্থানলৈ স্থানান্তৰিত কৰাত ঢকুৱাখনাত উদ্ভৱ হৈছিল ব্যাপক ৰাজহুৱা প্ৰতিবাদ। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে  ৰাইজক আশ্বাস দিছিল ঢকুৱাখনাত এখন অত্যাধুনিক চিকিৎসালয় স্থাপন কৰাৰ। সেই অনুসৰি শেহতীয়াভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা এই ঘোষণাই মহকুমাবাসীক আশ্বস্ত কৰিছে ।