মুখ্য-পৃষ্ঠা

আগৰতলাত জব্দ ১৯.২কোটি টকাৰ নিষিদ্ধ সামগ্ৰী...

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰ: নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই অসম ৰাইফলছ আৰু কেন্দ্ৰীয় শুল্ক বিভাগে আগৰতলাত বুজন পৰিমাণৰ য়াবা টেবলেট জব্দ কৰিছে। গোপন তথ্যৰ ভিত্তিত আগৰতলাৰ চালবাগান এলেকাত এখন বলেৰ' বাহনত তালাচী চলাই অভিযানকাৰী দলটোৱে ১লাখ ২০হাজাৰ নিচাজাতীয় য়াবা টেবলেট জব্দ কৰে।

জব্দ কৰা টেবলিটখিনিৰ মূল্য প্ৰায় ১৯.২কোটি টকা বুলি জানিবলৈ দিছে অসম ৰাইফলছে।‌ নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ অভিযোগত বাহনখনৰ চালকক গ্ৰেপ্তাৰ কৰা হৈছে।‌ পিচত জব্দ কৰা টেবলেট সহ ধৃত‌ ব্যক্তিজনক শুল্ক বিভাগক গতাই দিয়া হয়।