মুখ্য-পৃষ্ঠা

দেশৰ প্ৰথমটো সেউজ সচিবালয়ঃ জনতা ভৱনত সৌৰ প্ৰকল্পৰ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বহনক্ষম শক্তিৰ দিশত এক যুগান্তকাৰী পদক্ষেপ লৈছে অসম চৰকাৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে জনতা ভৱনত ২.৫ মেগাৱাটৰ সৌৰ প্ৰকল্প উদ্বোধন কৰে। এই সৌৰ প্ৰকল্প স্থাপনে জনতা ভৱনক দেশৰ প্ৰথমটো সেউজ সচিবালয় হিচাপে পৰিগণিত কৰিছে।

মুঠ ১২কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্পটো প্ৰস্তুত কৰি উলিওৱা হৈছে। এই প্ৰকল্পটো অহা পাঁচ বছৰলৈ মেছাৰ্ছ মাধৱ এণ্টাৰপ্ৰাইজে ৰক্ষণাবেক্ষণ কৰিব। এই পদক্ষেপে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ (এপিডিচিএল) প্ৰতিমাহে ৩০ লাখ টকা ৰাহি কৰিব বুলি আশা কৰা হৈছে, যিটো পুঁজি পূৰ্বতে বিদ্যুতৰ বাবে ব্যয় কৰা হৈছিল।

চৰকাৰে সমগ্ৰ ৰাজ্যৰ অন্যান্য চৰকাৰী ভৱনলৈ সৌৰশক্তিৰ সম্প্ৰসাৰণৰ এক অভিলাষী পৰিকল্পনা হাতত লৈছে। চিকিৎসা মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত সৌৰ প্ৰকল্পক অগ্ৰাধিকাৰ দিবলৈ এপিডিচিএলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে।

অদূৰ ভৱিষ্যতে ৩০০০ মেগাৱাট সৌৰশক্তি উৎপাদন কৰাটোৱেই চৰকাৰৰ চূড়ান্ত লক্ষ্য। আগন্তুক দুমাহৰ ভিতৰত কাৰ্বি আংলঙত ১০০০ মেগাৱাট শক্তি উৎপাদনৰ প্ৰাৰম্ভিক লক্ষ্য।

বৰ্তমান অসমত মাত্ৰ ৪২০ মেগাৱাট বিদ্যুৎ উৎপাদন হয়, যিটো ২৫০০ মেগাৱাটৰ চাহিদাতকৈ বহু কম। সৌৰশক্তিৰ উৎপাদন বৃদ্ধিৰ জৰিয়তে এই ব্যৱধান দূৰ কৰিবলৈ ৰাজ্য চৰকাৰ আগ্ৰহী। উল্লেখযোগ্য যে ইতিমধ্যে প্ৰধানমন্ত্ৰী সূৰ্য্য ঘৰ যোজনাৰ অধীনত দেশৰ ১৩৮জন বাসিন্দা উপকৃত হৈছে।

ইয়াৰোপৰি বর্তমান সময়ত অসমে প্রতি ইউনিটত ১০ টকাকৈ বিদ্যুৎ ক্ৰয় কৰে, আনহাতে গ্ৰাহকক ৫.৬৫ টকাকৈ বিদ্যুৎ যোগান ধৰে, যাৰ ফলত বিদ্যুৎ বিভাগৰ যথেষ্ট লোকচান হয়। ইয়াৰ সমাধানৰ বাবে এপিডিচিএলক ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহত সন্ধিয়া ৮ বজাৰ লগে লগে স্বয়ংক্ৰিয়ভাৱে বিদ্যুৎ কৰ্তন কৰিবলৈ নিৰ্দেশ দিছে। ইতিমধ্যে ৰাজ্যৰ ৮ হাজাৰ চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠানত অট' ষ্ট'পেজ লগোৱা হৈছে। জনতা ভৱনতো এই প্ৰকল্প শীঘ্ৰে হাতত ল'বলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

১ জুলাইৰ পৰা মুখ্যমন্ত্ৰীৰ লগতে সকলো মন্ত্ৰীকে ধৰি উচ্চপদস্থ বিষয়াসকলে চৰকাৰী বাসগৃহৰ বিদ্যুতৰ বিল পৰিশোধৰ দায়িত্ব ল’ব। তদুপৰি আগন্তুক বছৰৰ ১ এপ্ৰিলৰ পৰা প্ৰতি ইউনিটত ১ টকাকৈ বিদ্যুতৰ বিল হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। জনতা ভৱনত এই সৌৰ পদক্ষেপে অসমৰ বাবে বহনক্ষম শক্তি আৰু আৰ্থিক সঞ্চয়ৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত কৰিছে।