মুখ্য-পৃষ্ঠা

ADRE ৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা সন্দৰ্ভত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ কাৰ্যালয়ত সংবাদমেল

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটীঃ ২৭ অক্টোবৰ দেওবাৰে অনুষ্ঠিত হ’ব ADRE চতুৰ্থ বৰ্গৰ পৰীক্ষা। সেই সন্দৰ্ভত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ কাৰ্যালয়ত আজি এক সংবাদমেল সম্বোধন কৰে অতিৰিক্ত মুখ্য সচিব ড০ বি কল্যাণ চক্ৰৱৰ্তী, পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে। দেওবাৰে অনুষ্ঠিত হ’বলগীয়া চতুৰ্থ বৰ্গৰ প্রত্যক্ষ নিযুক্তি পৰীক্ষা সন্দৰ্ভত এই সংবাদমেল আয়োজন কৰে।

সংবাদমেলযোগে প্রাৰ্থীসকলক উদ্দেশ্যি কেবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে বি কল্যাণ চক্ৰৱৰ্তীয়ে-

  • পৰীক্ষা কেন্দ্রসমূহ এদিন পূৰ্বেই চাই আহিবলৈ আহ্বান পৰীক্ষাৰ্থীক

  • এইবাৰ প্রশ্নকাকত নিব পাৰিব পৰীক্ষাৰ্থীসকলে

  • কেন্দ্রত প্রৱেশৰ পূৰ্বে তন্নতন্নকৈ পৰীক্ষা কৰা হ’ব পৰীক্ষাৰ্থীক

  • কোনো পৰীক্ষাৰ্থী কেন্দ্রৰ পৰা ওলাই গ’লে পৰৱৰ্তী প্রৱেশত পুনৰ পৰীক্ষা কৰা হ’ব

  • আগবেলা আৰু পিছবেলা অনুষ্ঠিত হ’ব পৰীক্ষা

  • এতিয়াও এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ বাকী আছে ২৪% পৰীক্ষাৰ্থী

  • ১৩৫টা প্রশ্ন থাকিব প্রশ্নকাকতত

  • যাৰ বাবে আঢ়ৈ ঘণ্টা সময় দিয়া হ’ব

  • পূৰ্বে ১৩৫টা প্রশ্নৰ বাবে দিয়া হৈছিল দুই ঘণ্টা সময়

  • নিগেটিভ মাৰ্কিঙৰ বাবে বঢ়াই দিয়া হৈছে আধা ঘণ্টা সময়

ইয়াৰোপৰি পৰীক্ষাৰ্থীক কেৱল প্রয়োজনীয় সামগ্রীহে লগত নিবলৈ আহ্বান জনায়। লগতে পৰীক্ষাৰ দিনটোত ইণ্টাৰনেট কৰ্তনক লৈ এতিয়াও সিদ্ধান্ত অহা নাই বুলি সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে। উল্লেখ্য যে, মহিলা প্রাৰ্থীৰ তালাচীৰ ক্ষেত্রত বিশেষ গুৰুত্ব প্ৰদান কৰি অংগনৱাড়ী আৰু আশা কৰ্মীক তলব কৰা হ'ব।

উল্লেখ্য যে, ৰাজ্যৰ ২৮ খন জিলাত পৰীক্ষা অনুষ্ঠিত হ’ব। চতুৰ্থ বৰ্গৰ বাবে সৰ্বমুঠ ১৩,৭৯,১৩২ গৰাকী পৰীক্ষাৰ্থীয়ে আবেদন কৰিছে। এই পৰীক্ষাত দুখন প্রশ্নকাকত থাকিব। প্রথমখন প্রশ্নকাকত হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণৰ বাবে আৰু দ্বিতীয়খন প্রশ্নকাকত অষ্টম শ্রেণী উত্তীৰ্ণৰ বাবে বুলি সংবাদমেলত জানিব দিয়ে।

পুৱা ৯ বজাৰ পৰা ১১.৩০ বজালৈ প্রথমটো পৰীক্ষা অনুষ্ঠিত হ’ব। দিনৰ ১.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত হ’ব দ্বিতীয়টো পৰীক্ষা। পৰীক্ষা সূচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে প্রতিখন জিলাৰ আয়ুক্ত,আৰক্ষী অধীক্ষকৰ সৈতে ইতিমধ্যে বৈঠক সম্পন্ন হৈছে। ৰে’লযোগে পৰীক্ষাৰ্থীসকলৰ অহা-যোৱাৰ বাবে বিশেষ ব্যৱস্থা থাকিব বুলিও সংবাদমেলত উল্লেখ কৰিছে।

চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে প্রায় ১লাখ চৰকাৰী বিষয়া-কৰ্মচাৰীক পৰীক্ষাত নিয়োগ কৰা হ’ব। প্রতিটো কেন্দ্রত ২০-৩০ গৰাকীকৈ আৰক্ষী নিয়োগ কৰা হ’ব। লগতে পৰীক্ষাৰ নিয়ম উলংঘা বা বিপথে পৰিচালিত কৰিব বিচৰা সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব।

উল্লেখ কৰা প্ৰয়োজন যে, পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বে OMR শ্বীট পৰীক্ষা কৰাৰ আহ্বান জনায়। লগতে পৰীক্ষা শেষ হোৱাৰ পিছতে ৱেবছাইটত OMR শ্বীট আৰু উত্তৰসমূহ আপলোড কৰা হ’ব বুলিও সংবাদমেলযোগে জানিবলৈ দিয়ে। OMR শ্বীটত নাম আৰু ফটো নাথাকে, কেৱল ৰোল নম্বৰহে উল্লেখ থাকিব।