মুখ্য-পৃষ্ঠা

পুনৰ মহাকাশলৈ উৰা মাৰিব সুনীতা উইলিয়ামছে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে মঙলবাৰে বয়িঙৰ প্ৰথমটো ক্রুড অভিযানৰ জৰিয়তে পুনৰ মহাকাশলৈ উৰা মাৰিব। এইবাৰ তেওঁক লগ দিব বেৰী বুচ উইলম'ৰেও। বয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানত উঠি মহাকাশলৈ যাবলৈ সাজু হৈছে নাছাৰ দুজন অভিজ্ঞ মহাকাশচাৰী।

বয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানখনৰ প্রথম মানৱ মহাকাশ যাত্ৰাৰ এই পদক্ষেপ উইলিয়ামছৰ বাবে বহু প্রত্যাশিত প্ৰত্যাৱৰ্তন হ'ব। মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বেৰী উইলম'ৰে ভাৰতীয় সময় অনুসৰি মঙলবাৰে পুৱা ৮:০৪ বজাত কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা ইউনাইটেড লঞ্চ এলায়েন্স এটলাছ ভি ৰকেট আৰু বয়িং ষ্টাৰলাইনাৰ মহাকাশযান উৎক্ষেপণ কৰা হ’ব।