মুখ্য-পৃষ্ঠা

পেৰিছ পেৰালিম্পিকত ভাৰতৰ পদকৰ সংখ্যা ৭টা লৈ বৃদ্ধি

Asomiya Pratidin

ডিজিটেল ডেস্ক: দেওবাৰে পেৰিছ পেৰালিম্পিকৰ চতুৰ্থ দিনটোত নিশাদ কুমাৰে পুৰুষৰ হাই জাম্প T-47 শিতানত ৰূপৰ পদক লাভ কৰাৰ পাছত ভাৰতৰ মুঠ পদকৰ সংখ্যা সাতলৈ বৃদ্ধি পাইছে। ভাৰতে এই পর্যন্ত এটা সোণ, দুটা ৰূপ, আৰু চাৰিটা ব্ৰঞ্জৰ পদক লাভ কৰিছে।

মহিলাৰ বেডমিন্টনত পেৰা শ্বাটলাৰ থুলাচিমাথি মুৰুগেছানে মনীছা ৰমাদাছক পৰাস্ত কৰি মহিলাৰ একক S-U-5 শিতানৰ ফাইনেলত প্রৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে সোমবাৰে চীনৰ কিউ জিয়া ইয়াঙৰ মুখামুখি হ'ব।

পুৰুষৰ একক S-L-3 ছেমিফাইনেলত ভাৰতীয় শ্বাটলাৰ নিতেশ কুমাৰে জাপানৰ দৈছুকে ফুজিহাৰাক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ফাইনেলত ভাৰতীয় খেলুৱৈগৰাকীয়ে ব্রিটেইনৰ বেথেল ডেনিয়েলৰ মুখামুখি হ'ব। ইফালে সুকান্ত কদমক ২১-১৭, ২১-১২ ছেটত পৰাস্ত কৰি সুহাস যথিৰাজে S-L4 শিতানৰ ফাইনেলত প্রৱেশ কৰিছে।

ফাইনেলত যথিৰাজে টকিঅ' পেৰালিম্পিকৰ স্বর্ণ পদক বিজয়ী লুকাছ মাজুৰৰ বিৰুদ্ধে আৰু ব্ৰঞ্জৰ পদকৰ বাবে সুকান্তে ইণ্ডোনেছিয়াৰ ফ্ৰেডী চেটিয়াৱানৰ বিৰুদ্ধে প্রতিযোগীতাত অৱতীর্ণ হব। টেবুল টেনিছত ভবিনাবেন পেটেলে মেক্সিক'ৰ মাৰ্থা ভার্ডিনক পৰাস্ত কৰি W-S-4 শিতানৰ কোৱাটাৰ ফাইনেলত প্রৱেশ কৰিছে।

উল্লেখযোগ্য যে পেৰিছ পেৰালিম্পিক ২০২৪ত ভাৰতীয় পেৰা এথলীট প্রীতি পালে মহিলাৰ ২০০ মিটাৰ T-354 ফাইনেলত ব্ৰঞ্জৰ পদক অর্জন কৰিছে। এই জয়েৰে প্রীতিয়ে পেৰালিম্পিকছৰ ট্রেক এণ্ড ফীল্ডত দুটাকৈ পদক জয় কৰা প্রথমগৰাকী ভাৰতীয় মহিলা পেৰা এথলীট হিচাপে অভিলেখ ৰচনা কৰিছে।