মুখ্য-পৃষ্ঠা

জয়ৰ মুখ নেদেখা পাকিস্তানৰ অধিনায়কত্ব হেৰুৱাব পাৰে বাবৰে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ টি-২০বিশ্বকাপ ২০২৪ত পাকিস্তানৰ লজ্জাজনক প্ৰদৰ্শনক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা। বাবৰ আজমৰ নেতৃত্বত থকা পাকিস্তানৰ ক্ৰিকেট দলটো প্ৰথমে আমেৰিকা আৰু তাৰ পিছতে ভাৰতৰ বিৰুদ্ধে পৰাস্ত হৈ এতিয়া বিশ্বকাপৰ পৰা বাহিৰ হও হও অৱস্থা। এই পৰিস্থিতিত পাকিস্তানৰ ত্ৰীড়াজগতত চৰ্চা হৈছে অচিৰেই সলনি হব টীম পাকিস্তানৰ অধিনায়কৰ।

যদিহে অধিনায়ক সলনি হয়, তেন্তে কোন হব পাকিস্তান ক্ৰিকেট দলৰ পৰৱৰ্তী অধিনায়ক। ইয়াক লৈও তীব্ৰ চৰ্চা ক্ৰীড়াজগতত। চৰ্চালৈ আহিছে ৩গৰাকী বিশেষ পাক খেলুৱৈৰ নাম। ইয়াৰে প্ৰথমগৰাকী প্লেয়াৰ হৈছে শ্বাহীন শ্বাহ অফৰিদী। দ্বিতীয়গৰাকী প্লেয়াৰ হৈছে মহম্মদ ৰিজৱান আৰু তৃতীয়গৰাকী পাক খেলুৱৈ হৈছে শ্বাবাদ খান। এই তিনিগৰাকী খেলুৱৈ এতিয়াৰ দলটোৰ অংশীদাৰ। তিনিওগৰাকী খেলুৱৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিজ্ঞ। গতিকে অচিৰেই পাক ক্ৰিকেট বৰ্ডে এই তিনিগৰাকী খেলুৱৈক লৈ গ্ৰহণ কৰিব পাৰে ডাঙৰ সিদ্ধান্ত।

এইখিনিতে উল্লেখ নকৰি নোৱাৰি যে, বিগত বৰ্ষত এদিনীয়া ৱল্ড কাপত পাকিস্তানৰ দুৰ্বল প্ৰদৰ্শনৰ পাছতে এদিনীয়া ক্ৰিকেটৰ অধিনায়কৰ পদৰ পৰা আতৰাই দিয়া হৈছিল বাবৰ আজমক। অৱশ্যে তাৰ পাছত টি-২০ত পুনৰ অধিনায়ক পদ বাবৰ আজমৰ কান্ধতে অৰ্পন কৰা হৈছিল।