মুখ্য-পৃষ্ঠা

মুছলপুৰত বাক্সা জিলা আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

Asomiya Pratidin

ডিজিটেল সংবাদ, বাক্সা: জনজাতিকৰণক লৈ পুনৰ সৰৱ সদৌ আদিবাসী ছাত্ৰ সন্থা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে আদিবাসীসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানত অলপো গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ পৰিছে সদৌ আদিবাসী ছাত্ৰ সন্থা।

দেওবাৰে বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী ডুমুনীত বাক্সা জিলা আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমুৰ্ত্তি দাহ কাৰ্যসূচী ৰূপায়ন কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হায় হায়, আছা জিন্দাবাদ, আমাক এছ টি লাগে ইত্যাদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে শীঘ্ৰেই জনজাতিকৰণ নকৰিলে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিব আৰু ২০২৬ ৰ বিধানসভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিব বুলি উল্লেখ কৰে।

যেনেদৰে কংগ্ৰেছ খেদিছিলো তেনেদৰে ছয় জনগোষ্ঠী ঐক্যবদ্ধ হৈ বিজেপিক ওফৰাব সাজু আছো বুলি দৌ আদিবাসী ছাত্ৰ সন্থাই সকিয়নি দিয়ে। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গাদী ৰক্ষাৰ স্বাৰ্থত আমাক জনজাতিৰ মৰ্যদা প্ৰদান কৰক বুলিও মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ।