মুখ্য-পৃষ্ঠা

আগৰতলা ৰেল ষ্টেচনত আটক ১৬ জনকৈ বাংলাদেশী নাগৰিক

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বাংলাদেশৰ অস্থিৰতাৰ মাজতে আগৰতলা ৰে’ল ষ্টেচনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ১৬ জনকৈ বাংলাদেশী নাগৰিকক ৷ ইয়াৰে ১৩জন পুৰুষ আৰু ৩গৰাকী মহিলা। আৰক্ষীৰ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, অবৈধ কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ অভিযোগত মঙলবাৰে সন্ধিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৩ গৰাকীক৷

জানিব পৰা মতে, ঘটনা সন্দৰ্ভত আগৰতলা চৰকাৰী ৰে’ল আৰক্ষী থানাত গোচৰ ৰুজু কৰি বৰ্তমান অভিযুক্তক আৰক্ষীৰ জিম্মাত কথা হৈছে। উল্লেখিত ১৬ জনীয়া দলটোক বুধবাৰে ​​আদালতত হাজিৰ কৰোৱা হ’ব বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

ধৃত বাংলাদেশী কেইজন ক্ৰমে মৃত মিলন, চাহাবুল, ছাৰিফুল শ্বেক, কবিৰ শ্বেক, মিজানুৰ ৰহামান, চফিকুল ইছলাম, মোঃ আলামিন আলী, বৃন্দাবন মণ্ডল, আব্দুল হাকিম, মৃত ইদুল, মঃ আব্দুৰ ৰহমান, মঃ আয়ুব আলী আৰু মোঃ জিয়াৰুল।