বটদ্ৰৱা থান 
মুখ্য-পৃষ্ঠা

বটদ্ৰৱা থানৰ ৪০ তোলা সোণ হৰলুকি আৰু বৃহৎ বিত্তীয় কেলেংকাৰীঃ নাগৰিক সভাত উন্মোচিত পৰিচালনা সমিতিৰ মিথ্যাচাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ সোণ ৰূপ হৰলুকি আৰু বৃহৎ বিত্তীয় কেলেংকাৰী সন্দৰ্ভত আজি বটদ্ৰৱা শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠানত এখনি নাগৰিক সভা অনুষ্ঠিত হয়। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ডা০ প্ৰদীপ কুমাৰ দেৱ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সহকাৰী সম্পাদক যতীন বৰুৱা, যোগেন শইকীয়া, সুৰজ হাজৰিকা, তুৱাৰাম বৰুৱা, সত্ৰৰ বায়ন, শিল্পী সাহিত্যিক, শিক্ষাবিদ, জেষ্ঠ নাগৰিক আৰু নগাঁও জিলাৰ বিভিন্ন স্থানৰ কেইবাগৰাকী আজীৱন সদস্যই অংশ গ্ৰহণ কৰে।

সভাত সমিতি খনে বিগত দিনত সংঘটিত কৰা বিত্তীয় অনিয়ম, থানৰ সংবিধান উলংঘা, সোণ হৰলুকি আদি বিষয়ত কেইবাগৰাকী বক্তাই তথ্যৰ সৈতে চৰ্চা কৰে। উল্লেখযোগ্য যে, ২০২১ চনৰ পৰা দায়িত্বভাৰ গ্ৰহন কৰা বৰ্তমানৰ থান পৰিচালনা সমিতিৰ একাংশ বিষয়ববীয়া, সদস্যৰ বিৰুদ্ধে নজিৰ বিহীন বিত্তীয় কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তুলি আহিছিল বিভিন্নজনে।

উক্ত অনিয়ম, দুৰ্নীতি বিষয়ে বাতৰি চলি থকাৰ মাজতে পৰিচালনা সমিতিৰ একাংশ বিষয়ববীয়াৰ মুখেৰে ফাদিল হৈছিল বটদ্ৰৱা থানত বছৰ বছৰ ধৰি ভকত বৈষ্ণৱৰ পৰা দান বৰঙণি হিচাপে লাভ সোণ ৰূপ আৰু ২০২২ চনত এগৰাকী অজ্ঞাত ভক্তই থানৰ মনিকূটৰ খুটাত সংলগ্ন কৰিবলৈ বাকছত ভৰাই দিয়া ৪০ তোলা সোণৰ হৰলুকিৰ তথ্য। এই অভিযোগ সমূহৰ বিষয়ে পৰিবেশ উত্তাল হোৱাৰ পাছত কালি(শুক্ৰবাৰে) বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে ৰহস্যজনক ভাবে বটদ্ৰৱা থানৰ পৰিবৰ্তে নগাঁও সাহিত্য সভা ভৱনত এখনি সংবাদমেল সম্বোধন কৰি থান পৰিচালনা সমিতিৰ সভাপতি, সম্পাদক আৰু (৯৪ জনীয়া সমিতিৰ মাত্ৰ) ৬ গৰাকী সদস্যৰ স্বাক্ষৰ সম্বলিত নগাঁও HDFC বেংকৰ লকাৰত জমা থকা আংশিক হিচাপ দাখিল কৰে।

তাৰ পিছতেই সোন ৰূপৰ এই বিষয়টো লৈ বটদ্ৰবা থান পৰিচালনা সমিতিৰ বিষয় ববীয়াৰ মাজত নগাঁৱৰ ৰাজপথতে এখনি কাজিয়া সৃষ্টি হয়৷ সংবাদমেলৰ পিছতে পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰভাত কলিতা আৰু কাৰ্যনিবাহক সদস্য প্ৰশান্ত ভড়ালীৰ মাজত প্ৰথমে সংঘাটৰ সৃষ্টি হয়। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তৰ অভিযোগ মতে কাৰ্যকৰী সদস্য প্ৰশান্ত ভড়ালীয়ে কাৰ্যকৰী সভাপতি প্ৰভাত কলিতাক শাৰিৰীক ভাবে আক্ৰমন কৰিবলৈ চোঁচা লয়৷

এই লৈ কালি উত্তপ্ত হয় পৰিস্থিতি৷ তাতে প্ৰশান্ত ভড়ালীৰ অভিযোগ কাৰ্যকৰী সভাপতি প্ৰভাত কলিতাই থানৰ সোন আৰু ৰূপ থান পৰিচালনা সমিতিৰ সম্পাদকে আত্মসাত কৰা বুলি অপ্ৰপ্ৰচাৰ চলাইছিল। ইয়াৰ পাছতে জাঙুৰ খাই উঠিল বটদ্ৰৱা আৰু নগাঁও জিলাৰ সচেতন ৰাইজ। যাৰ ফলত আজি নাগৰিক সভা অনুষ্ঠিত হল। সভাত তুমুল চৰ্চাৰ অন্তত পৰিচালনা সমিতিৰ মিথ্যাচাৰ উন্মোচিত হয়। সভাত যতীন বৰুৱা, জয়ন্ত হাজৰিকা, তুৱা ৰাম বৰুৱা, ৰাজু বৰুৱা, মৃদুল দত্ত বৰুৱা, পংকজ কলিতা, প্ৰভাত বৰা, অতুল মহন্ত, গিৰিশ বৰুৱাকে আদি কৰি বহু কেইগৰাকী ব্যক্তিয়ে পৰিচালনা সমিতিয়ে কৰা বিত্তীয় কেলেংকাৰী আৰু গুণ্ডাগিৰি তথ্য ফাদিল কৰে।

শেষত আজিৰ নাগৰিক সভাই আগন্তুক ৪০ দিনৰ ভিতৰত পৰিচালনা সমিতিক এখনি তলবী সভা আহ্বানৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে। উল্লেখযোগ্য যে, বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে শুক্ৰবাৰে সংবাদমেল যোগে পৰিচালনা সমিতিয়ে বেংক কৰ্তৃপক্ষৰ পৰিবৰ্তে পৰিচালনা সমিতিৰ পেডত সভাপতি, সম্পাদককে ধৰি মুঠ ৮ জন সদস্যৰ স্বাক্ষৰিত পত্ৰ প্ৰকাশ কৰা সোণ ৰূপৰ হিচাপ প্ৰকাশ কৰিছিল।

উক্ত ৮ জন সদস্যৰ স্বাক্ষৰিত পত্ৰ প্ৰকাশ কৰা সোণ ৰূপৰ হিচাপ আৰু বটদ্ৰৱা থানত থকা সোন ৰূপৰ পৰিমান, ২০২৩ চনৰ জানুৱাৰী ৭ তাৰিখে যিমান পৰিমানৰ সোণ ৰূপ বেংকত জমা ৰখা হৈছিল সেই জমা থোৱা ৰচিদৰ লগত বৰ্ত্তমানৰ কমিটিয়ে দিয়া তালিকাত অন্তধ্যান হৈছে বহু সোণ ৰূপ। যাক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত। স্থানীয় ৰাইজৰ পৰা পোৱা অভিযোগ মতে, বৰ্তমানৰ বটদ্ৰবা থান পৰিচালনা সমিতি খন পূৰ্ণাংগ ৰূপে গঠন হোৱা নাছিল।

কাৰ্য্যকৰী সভাপতি, কোষাধ্যক্ষ, গাণনিক, দুজনকৈ সহকাৰী সম্পাদকৰ নিৰ্বাচন আজিকোপতি নিৰ্বাচিত গণতান্ত্ৰিক আৰু সাংবিধানিক ভাবে হোৱা নাই। এই সকলোবোৰ পদত অবৈধভাবে তথাকথিত কৰ্ণধাৰ সমিতিৰ সিদ্ধান্তৰ দোহাই দি সাধাৰণ সভাৰ অনুমোদন নোলোৱাকৈ নিযুক্তি দি কাৰ্য্যনিৰ্বাহ কৰি আছে। এই সমিতি খনৰ সকলো কাৰ্যনিৰ্বাহক বৈঠক মুষ্টিমেয় কেইজনমান সদস্যৰ উপস্থিতিত কোৰাম নোহোৱাকৈ প্ৰস্তাৱ গ্ৰহণ কৰি কাৰ্য্যকৰী কৰিছিল।

প্ৰতিখন কাৰ্য্যনিৰ্বাহক সভা তীব্ৰ বাক-বিতন্তা, চিঞৰ বাখৰ হৈ হাল্লাৰ মাজেৰে অনুষ্ঠিত হোৱাৰ বাবে সভাগৃহৰ সমীপৰ গাঁৱৰ ৰাইজে অশান্তি ভুগি, অভিযোগ তুলিছিল। এই কমিটিখনে চৈৰাচাৰী ভাবে পাঁচজন নিৰ্বাচিত সদস্যক বহিস্কাৰ আৰু ছজনকৈ নিৰ্বাচিত সদস্য( তাৰে তিনিগৰাকী বিশিষ্ট শিল্পী)ক গৰিহণা দি অপমানিত কৰিছিল।