মুখ্য-পৃষ্ঠা

৮৮.৮ শতাংশ নম্বৰেৰে উজ্বলিল ভেটিয়নী গাঁৱৰ মমি..

Asomiya Pratidin

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ দৰিদ্ৰতাৰ মাজতো উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত জিলিকি উঠিল বটদ্ৰৱাৰ ভেটিয়নী গাঁৱৰ মমি সৰকাৰ। অভাৱে জুৰুলা কৰা পৰিয়ালটোৰ জ্যেষ্ঠ কন্যা মমিয়ে সৰুৰে পৰা নিজ প্ৰতিভাৰে জিলিকি উঠিবলৈ সক্ষম হয়। শিক্ষাৰ সমান্তৰালভাৱে এগৰাকী কণ্ঠশিল্পী আৰু মেকআপ আৰ্টিষ্ট হিচাপেও পৰিচয় দিবলৈ সক্ষম হৈছে মমি।

পিতৃ ৰঞ্জিত সৰকাৰে ব্যক্তিগত খণ্ডৰ বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনৰ কাৰ্যালয় সেৱক হিচাবে কাম কৰাৰ লগতে মাতৃ উজ্বলা দে সৰকাৰে ঘৰুৱা টিউচন কৰি পৰিয়ালটো কোনোমতে পোহপাল দি আহিছিল। এসাঁজ ভাল খাদ্য, এসাঁজ ভাল কাপোৰ উপলব্ধ নাছিল মমিৰ। ইয়াৰ মাজতে একমাত্ৰ অধ্যৱসায় আৰু নিজ প্ৰচেষ্টাত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ছাত্ৰীগৰাকী।

সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত অসমীয়াত ৯৪, সংস্কৃতত ৯৪, ৰাজনীতি বিজ্ঞান ৯০, অৰ্থনীতি বিজ্ঞানত ৮০, ইংৰাজীত ৮৬ এই পাঁচটা বিষয়ত লেটাৰ মাৰ্কসহ মুঠ ৮৮.৮ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উৰ্ত্তীণ হ'বলৈ সক্ষম হৈছে।দাৰিদ্ৰতাৰ সৈতে প্ৰচণ্ড যুঁজ কৰি অৱশেষত সুখ্যাতিৰে উৰ্ত্তীণ হ'বলৈ সক্ষম হোৱা মমিৰ সফলতাই এতিয়া আনন্দৰ জোঁৱাৰ তুলিছে পৰিয়াল তথা বটদ্ৰৱা অঞ্চলত। উল্লেখযোগ্য যে, নগাঁও কলংপাৰ বিদ্যাপীঠ চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা মমি সৰকাৰে কলা শাখাত শ্ৰেষ্ঠ ফলাফল লাভ কৰিছে।