মুখ্য-পৃষ্ঠা

আপুনি বাৰু জানেনেঃ বিশ্বৰ কোনখন দেশৰ পতাকাত আছে সৰ্বাধিক ৰং...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আমাৰ দেশৰ জাতীয় পতাকাৰ ৰং তিনিটা। যাৰ বাবে ত্ৰিৰংগা বুলিও কোৱা হয় ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনক। কিন্তু আপুনি জানেনে, বিশ্বৰ ভিতৰতে সৰ্বাধিক ৰং সন্নিৱিষ্ট হৈ থকা পতাকাখন কোনখন দেশৰ। আপুনি জানি থওঁক যে, বিশ্বৰ প্ৰায়বোৰ দেশৰ জাতীয় পতাকাত সাধাৰণে দুই বা তিনিটা ৰঙহে থাকে। সেয়া লাগিলে আপুনি আমেৰিকা, জাৰ্মানী, জাপান নাইবা চীনৰ পতাকাকেই উদাহৰণ হিচাপে লব পাৰে।

এতিয়া জানি লওঁক, বিশ্বৰ ভিতৰতে সৰ্বাধিক ৰং থকা জাতীয় পতাকাখন কোনখন দেশৰ। বেলিজ নামৰ দেশখনৰ পতাকাত আছে ১২টা ৰং। সমগ্ৰ বিশ্বৰ ভিতৰত সৰ্বাধিক ৰং থকা পতাকাৰ ভিতৰত বেলিজৰ পতাকাখনেই একমাত্ৰ পতাকা, যত আছে ১২টা ভিন্ন ৰং।

মধ্য আমেৰিকা স্থিত সাগৰীয় এই দেশখন ২০২২চনত দেশ হিচাপে স্বীকৃতি লাভ কৰিছিল। দেশৰ খনৰ জনসংখ্যাও অতি কম। ইয়াত থাকে মাত্ৰ ৪.০৫লাখ লোক। ২২,৮০০বৰ্গফুট মাটিকালি আগুৰি থকা এই দেশখন মধ্য আমেৰিকাৰ সবাতোকৈ কম জনসংখ্যা থকা দেশ। বেলিজত বছৰি যথেষ্ট সংখ্যক পৰ্যটকৰো আগমন ঘটে।