মুখ্য-পৃষ্ঠা

নগাঁৱত ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত যুৱ সন্মিলন...

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও : অসমৰ যুৱ শক্তি উন্নয়নৰ পক্ষত আছে। সংখ্যালঘু ভোটাৰো বিজেপিৰ উন্নয়নৰ পক্ষত থকাৰ কথা উল্লেখ কৰি নগাঁও লোকসভাত বিজেপিয়ে ভাল ফলাফল দেখুৱাব বুলি কয় ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি সিধাঙ্কু অংকুৰ বৰুৱাই। দেওঁবাৰে নিশা নগাঁৱত অনুষ্ঠিত যুৱ সন্মিলনত উপস্থিত থাকি এই মন্তব্য সভাপতি গৰাকীৰ।

নগাঁও লোকসভাৰ অন্তৰ্গত আমোলাপট্টিৰ ৰত্ন কান্ত বৰকাকতী স্কুল খেল পথাৰত অনুষ্ঠিত যুৱ সন্মিলন খনিত আদৰণি ভাষণ প্ৰদান কৰি যুৱ শক্তি ৰাষ্ট্ৰ শক্তি বুলি অভিহিত কৰি উপস্থিত কেইবাশতাধিক যুৱক যুৱতীক গণতান্ত্ৰিক ব্যৱস্থাৰ এই মহোৎসৱত অংশগ্ৰহণ কৰি নৰেন্দ্ৰ মোদীক তৃতীয় বাৰৰ বাবে প্ৰধান মন্ত্ৰী পাতিবলৈ সকলোকে হাতে কামে লাগিবলৈ আহ্বান জনায় নগাঁও জিলা যুৱ মৰ্চাৰ সভাপতি সুন্দৰ শৰ্মায়ে।

ব'হাগ বিহুৰ লগত সংগতি ৰাখি সন্মিলন খনিত বিহু নৃত্য কে ধৰি কেইবাটাও সাংস্কৃতিক পৰিবেশন কৰে। যুৱ সন্মিলনত উপস্থিত থাকে । মন্ত্ৰী পীয়ুষ হাজৰিকাৰ, সদৰ বিধায়ক ৰূপক শৰ্মা , বিজেপি প্ৰাৰ্থী সুৰেশ বৰা , উপ পৌৰপতি সীমান্ত বৰা ।