মুখ্য-পৃষ্ঠা

বজালীৰ ভট্টদেৱ আৰু হোজাইৰ ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰো নতুন উপাচাৰ্য নিযুক্তি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি ৰাজ্যৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ নতুন নিযুক্তি সম্পন্ন হৈছে। ৰাজভৱনৰ তত্বাৱধানত এখন বিশেষ বাচনি সমিতিৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ অন্তত গুৱাহাটী বিশ্ববিদ্যালয়ত পূৰ্বৰে পৰা চৰ্চিত ড০ ননীগোপাল মহন্তক উপাচাৰ্য হিচাপে নিযুক্তিৰ প্ৰস্তাৱত ৰাজভৱনে অনুমোদন জনাইছে।

ইয়াৰ লগতে বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয় আৰু হোজাই ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তিৰ প্ৰস্তাৱতো অনুমোদন জনাইছে ৰাজভৱনে। তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰধান অধ্যাপক ধনপতি ডেকাক বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে ৰাজভৱনে নিযুক্তি প্ৰদান কৰিছে।

আনহাতে হোজাইৰ ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰো নতুন উপাচাৰ্য নিযুক্তি দিয়া হৈছে। শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ত কৰ্মৰত গুৰু অধ্যাপক মানৱেন্দ্ৰ দত্ত চৌধুৰীক এই নিযুক্তি প্ৰদান কৰা হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, আগন্তুক কেইটামান দিনত ৰাজ্যৰ আন কেইখনমান বিশ্ববিদ্যালয়ত উপাচাৰ্য নিযুক্তিৰ সম্ভাৱনা আছে। ইয়াৰ বাচনি প্ৰক্ৰিয়াও অব্যাহত আছে।