মুখ্য-পৃষ্ঠা

তুলসীবাৰীত ৰাইজৰ সৈতে মত বিনিময় ভৱেশ কলিতাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, ৰঙিয়াঃ তুলসীবাৰীত মঙলবাৰে বিয়লিৰ ভাগত স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কাৰ্যসূচী ৰূপায়ণ কৰে স্থানীয় বিধায়ক তথা বিজেপি দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই। স্থানীয় পালবস্তিস্থিত কালী মন্দিৰ প্ৰাংগণত তদুপলক্ষে অনুষ্ঠিত মুকলি সভাত অংশগ্ৰহণ কৰি অঞ্চলবাসী ৰাইজৰ অভাৱ অভিযোগৰ বুজ লয় বিধায়ক গৰাকীয়ে ।

ভাষণ প্ৰসঙ্গত ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন আঁচনি সন্দৰ্ভত উল্লেখ কৰাৰ লগতে হিতাধিকাৰীসকলৰ সৈতে প্ৰত্যক্ষ মত বিনিময় কৰে বিধায়ক ভৱেশ কলিতাই । একেখন মঞ্চতে অঞ্চলটোৰ অন্যতম ধৰ্মীয় ক্ষেত্ৰ শ্ৰী শ্ৰী কালি মন্দিৰ নিৰ্মাণৰ লক্ষ্যৰে তিনি লক্ষ টকাৰ অনুদান আগবঢ়াই বিধায়কগৰাকীয়ে ।