ভৈৰৱকুণ্ড বনভোজস্থলীত ভয়ংকৰ দৃশ্যঃ হঠাৎ পাহাৰৰ পৰা নামি আহিল হাতী... 
মুখ্য-পৃষ্ঠা

ভৈৰৱকুণ্ড বনভোজস্থলীত ভয়ংকৰ দৃশ্যঃ হঠাৎ পাহাৰৰ পৰা নামি আহিল হাতী...

Asomiya Pratidin

ডিজিটেল সংবাদ ওদালগুৰিঃ পুৰণি বৰ্ষটোৱে বিদায় ল'বলৈ মাজত মাথো এটা মাহ বাকী। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন বনভোজস্থলীসমূহলৈ বনভোজপ্ৰেমীৰ সোঁত বোৱা পৰিলক্ষিত হৈছে‌।

ব্যতিক্ৰম নহয় ওদালগুৰিৰ ভৈৰৱকুণ্ড বনভোজস্থলীও‌। ৰাজ্যৰ ভিতৰতে এক উল্লেখযোগ্য বনভোজস্থলী ভৈৰৱকুণ্ড। প্ৰতিবছৰে ইয়ালৈ আগমণ ঘটে লাখ লাখ বনভোজপ্ৰেমীৰ।

নৱেম্বৰত মাহৰ মাজভাগৰ পৰাই ভৈৰৱকুণ্ডলৈ আগমণ ঘটিছে বনভোজকাৰী দলৰ। ইয়াৰ মাজতে দেওবাৰে ভৈৰৱকুণ্ডত হঠাৎ দেখা গ'ল এক ভয়ংকৰ দৃশ্য। বনভোজস্থলীত বনভোজৰ দলসমূহ আনন্দত মতলীয়া হৈ থকাৰ মাজতে পাহাৰৰ পৰা নামি আহিল এটা প্ৰকাণ্ড হাতী।

লগে লগে উপস্থিত বনভোজকাৰী দলৰ মাজত লাগিল হুৱাদুৱা। একাংশ‌ই বন্যহস্তীৰ ভয়ত প্ৰাণৰ মমতাত বনভোজস্থলী এৰি পলাই পত্ৰং দিলে। অৱশ্যে কিছু সময়ৰ পাছত বনভোজস্থলীত থকা লাউডস্পীকাৰ তথা মানুহৰ বাবে হাতীটো পুনৰ পাহাৰলৈ গতি কৰে‌।

জানিব পৰা মতে, সমীপৰ অৰুণাচল পাহাৰৰ বিভিন্নস্থানত বন্যহস্তীয়ে বিচৰণ কৰি থাকে‌। উক্ত পাহাৰৰ পৰাই হাতীটো নামি অহাৰ সন্দেহ কৰা হৈছে‌। অৱশ্যে উক্ত সময়চোৱাত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সূচনা হোৱা নাছিল যদিও কথমপি একাংশ লোকৰ প্ৰাণৰক্ষা পৰে।