মুখ্য-পৃষ্ঠা

১০০ দিনৰ ভিতৰত বাজেয়াপ্ত কৰা হ’ব মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তিঃ ভূপেন বৰা

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটী: মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পত্নীৰ অবাধ সম্পত্তি সন্দৰ্ভত উত্থাপিত অভিযোগৰ উত্তৰত "এইবোৰ ৰাইজৰে সম্পত্তি" বুলি ঘোষণা কৰা কথাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই।

সোমবাৰে উক্ত বিষয় সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰি বৰাই কয় যে, কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন কৰাৰ ১০০ দিনৰ ভিতৰত SIT (Special Investigative Team) গঠন কৰি আয়তকৈ অধিক সম্পত্তিৰ হিচাপ উলিয়াই বাজেয়াপ্ত কৰা হ'ব। সকলো বাজেয়াপ্ত হোৱা সম্পত্তি বিক্ৰী কৰি পোৱা ধন ৰাজভঁৰাল ত জমা হ'ব।

লগতে বৰাই কয় যে,পত্নীৰ সম্পত্তি যে কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰে গঠন কৰি দিয়া SIT ৰ দ্বাৰা বাজেয়াপ্ত হ'ব সেই কথা মুখ্যমন্ত্ৰীয়ে পূৰ্বানুমান ঠিকেই কৰিছে। ২০২৬ত অসমৰ ৰাইজে দুৰ্নীতিগ্ৰস্ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ওফৰাই কংগ্ৰেছ চৰকাৰ পুনৰ প্ৰতিষ্ঠা কৰিবৰ বাবে ইতিমধ্যে পণ লোৱা বুলি বিজেপিৰ নেতৃত্বই বুজি উঠিছে। যাৰ বাবে বিজেপিৰ জ্যেষ্ঠ নেতাৰ মাজত হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকলাপক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু দলৰ মাজত বিসংবাদ বৃদ্ধি পাইছে।