মুখ্য-পৃষ্ঠা

লক্ষ্য উপনিৰ্বাচনঃ ‘বিহালীৰ বিননি’ লৈ সাজু ভূপেন বৰা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উপ নিৰ্বাচন নহবও পাৰে বুলি এক অস্পষ্ট ছবি দাঙি ধৰিবলৈ চেষ্টা কৰিছে যদিও কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে। বিজেপিৰ সমান্তৰালভাৱেই উপ নিৰ্বাচনৰ বাবে ৰণনীতি প্ৰস্তুত কৰিছে কংগ্ৰেছে।

প্ৰাপ্ত খবৰ অনুসৰি, উপ নিৰ্বাচন অনুষ্ঠিত হবলগীয়া ৫সমষ্টিত বিজেপিয়ে সমিতি গঠনস কৰাৰ পাছতে কংগ্ৰেছেও দলীয় কিছু কাৰ্যসূচী গ্ৰহণৰ বাবে সকলো সাজু কৰিছে। উপনিৰ্বাচনৰ ৫সমষ্টিৰ ভিতৰত অন্যতম এটা সমষ্টি বিহালীত উপ নিৰ্বাচন খেলিৱলৈ সাজু হৈছে বিৰোধী কংগ্ৰেছ দল৷

বিহালীৰ উপ-নিৰ্বাচনৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হ'ব সভাপতি ভূপেন বৰা বুলি ইতিমধ্যে তীব্ৰ চৰ্চা হৈছে৷ তাৰবাবেই হয়তো  প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিহালী সমষ্টিত  বিহালীৰ বিননি শীৰ্ষক এক যাত্ৰাত অংশগ্ৰহণ কৰিব ৷

১০ জুলাইৰ পৰা উন্নয়নে ঢুকি নোপোৱা বিহালী সমষ্টিৰ অঞ্চল সমূহলৈ দলীয় কৰ্মীক লগত লৈ যাব ভূপেন বৰা ৷ আজি বিশ্বনাথ জিলা কংগ্ৰেছে এক সংবাদমেল আয়োজন কৰি ভূপেন বৰাৰ বিহালীৰ বিননি শীৰ্ষক যাত্ৰা সম্পৰ্কে কৰিলে ঘোষণা ৷