মুখ্য-পৃষ্ঠা

ছিংগাপুৰত পাপনঃ সংগীতানুষ্ঠান উপভোগ কৰি মন্ত্ৰমুগ্ধ ভূটানৰ ৰাণী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মুখ মণ্ডলৰ বিকৃতিত ভোগা শিশুৰ অস্ত্ৰোপচাৰৰ বাবে কাম কৰা স্মাইল এছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেচেদৰ হিচাপে আঠ বছৰ সম্পূৰ্ণ কৰিলে বলিউডত সুপ্ৰতিষ্ঠিত অসম সন্তান অংগৰাগ পাপন মহন্তই। এই স্বেচছাসেৱাৰ অংশ হিচাপে অলপতে সংগীত শিল্পী গৰাকীয়ে ছিংগাপুৰৰ কেপিটেল থিয়েটাৰত সংগীতানুষ্ঠান পৰিবেশন কৰে । এই স্মাইল এছিয়া চেৰিটি কনচাৰ্টত বলীউডৰ আগশাৰীৰ কণ্ঠশিল্পী-গীতিকাৰ অংগৰাগ পাপন মহন্তই গীত পৰিৱেশন কৰি উপস্থিত সহস্ৰ সংগীতানুৰাগীক আকৰ্ষিত কৰে।

পাপনে বিভিন্ন ভাষাৰ গীত পৰিবেশন কৰাৰ লগতে বিহুগীতেৰে অনুষ্ঠানৰ সামৰণি মাৰে । পাপনৰ অনুষ্ঠান উপভোগ কৰি মন্ত্ৰমুগ্ধ হৈ পৰে ভূটানৰ ৰাণীমা ডৰ্জি ৱাংমো ৱাংচুক। ৰাণীমায়ে পাপনক ভূয়সী প্ৰশংসা কৰাৰ লগতে মৈত্ৰীভাবাপন্ন দেশ ভূটান আৰু ভাৰতৰ উপযুক্ত এম্বেচেদৰ বুলি অভিহিত কৰে। তেওঁ লগতে ভূটানত অনুষ্ঠান পৰিবেশন কৰিবলৈও পাপনক আমন্ত্ৰণ জনায়।

ভূটানৰ ৰাণীমাৰ সৰলতা দেখি অভিভূত হৈ সংগীত শিল্পী গৰাকীয়ে কয়, এইটো মোৰ বাবে অবিস্মৰণীয় নিশা। উল্লেখ্য যে এই বিশেষ অনুষ্ঠানৰ জৰিয়তে এছিয়াৰ মুখৰ বিকৃতি থকা শিশুৰ অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰিবলৈ ধন সংগ্ৰহ কৰা হয়। আনহাতে এই কনছাৰ্টৰ উপৰি স্মাইল এছিয়াৰ চেৰিটি গালা ২০২৪ অনুষ্ঠানো ছিংগাপুৰত হৈ যায়।

ছিংগাপুৰ মেৰিয়াট টাং প্লাজা হোটেলত অনুষ্ঠিত এই অনুষ্ঠানত চিংগাপুৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ ভিভিয়ান বালকৃষ্ণনে ভূটানৰ ৰানীমা (কুইন মাদাৰ ) ডৰ্জি ৱাংমো ৱাংচুকক স্মাইল এছিয়া ফিলানথ্ৰপিক ভিজনাৰী বঁটা প্ৰদান কৰে । উল্লেখ্য যে তায়ৰানা ফাউণ্ডেছনৰ জৰিয়তে ভূটানৰ নাগৰিকৰ জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ নিৰৱচ্ছিন্ন ভাবে কাম কৰি গৈছে ডৰ্জি ৱাংমো ৱাংচুকে।স্মাইল এছিয়াৰ অধ্যক্ষ ড০ ভিনচেণ্ট ইয়’ আৰু সচিব প্ৰধান অভিমন্যু তালুকদাৰে আঁত ধৰা এই অনুষ্ঠানত প্ৰায় ৩৫০ জন বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে।