মুখ্য-পৃষ্ঠা

বিশ্বনাথৰ কৰ ফাঁকি দিওঁতা ব্যৱসায়ী তথা কংগ্ৰেছী বিক্ৰম ডুবেৰ বিজেপিত যোগদান...

Asomiya Pratidin

ডিজিটেল সংবাদ,বিহালী: ক্ৰমাৎ অগ্নিকুণ্ডত পৰিণত হৈছে উত্তৰ অসমৰ বিজেপিৰ বৰঘৰ বিহালী ৷ সাংসদ গৌৰৱ গগৈয়ে বিহালী সমষ্টিত আগ্ৰাসী ৰূপত নামি পৰাৰ পিছতেই সমষ্টিটোৰ ৰাজনীতিয়ে আকৰ্ষণীয় ৰূপ লৈছে ৷ বিগত কেবাদিনে বিহালী সমষ্টিত ৰাজ্যৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকা আৰু কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই বাহৰ পাতি সমষ্টিটো দখলৰ চেষ্টা অব্যাহত ৰাখিছে ৷

ইয়াৰ মাজতে আজি বিহালী উপ নিৰ্বাচনৰ বিজেপিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকা,সাংসদ ৰঞ্জিত দত্ত, কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা,বিধায়ক দিগন্ত কলিতাৰ উপস্থিতিত বিশ্বনাথৰ কংগ্ৰেছ ত্যাগী নেতা লগতে প্ৰতিষ্ঠিত ব্যৱসায়ী বিক্ৰম ডুবেই প্ৰত্যাশিতভাৱে বিজেপিত যোগদান কৰে। উল্লেখ্য যে, বিশ্বনাথ জিলা কংগ্ৰেছৰ নেতৃত্বৰ ওপৰত ক্ষোভিত- অসন্তুষ্ট হোৱাৰ বাবে বিজেপিত যোগদান কৰা বুলি মন্তব্য কৰে ডুবেয়ে।

উল্লেখযোগ্য যে, বিগত ২৬ অক্টোবৰত জিএছটি আয়ুক্তলয়ৰ ২৫ জনীয়া এটা দলে বিক্ৰম ডুবেৰ মাতা হাৰ্ডৱেৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত প্ৰায় ৬ ঘন্টীয়া শ্বাসৰুদ্ধ অভিযান চলাইছিল ৷ বিশ্বনাথৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ডুবেৰ ব্যৱসায়িক কেন্দ্ৰত ৰাজ্যিক সামগ্ৰী- সেৱা কৰ বিভাগে কৰ ফাঁকিৰ অভিযোগত অভিযান চলোৱা বুলি তথ্য প্ৰকাশ পাইছিল ৷

অৱশ্যে ইয়াৰ পূৰ্বেও ডুবেৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সামগ্ৰী-সেৱা কৰ বিভাগৰ তেজপুৰ আৰু বিশ্বনাথ চাৰিআলি শাখাই অভিযান চলাইছিল ৷ আনহাতে বিগত ২৩ অক্টোবৰৰ নিশা এক অভিযানকাৰী আৰক্ষী দলে গহপুৰৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত কুৰুৱা পথাৰৰ বিনোদ কুৰ্মী নামৰ এজন অৰুণাচলী সুৰা বেপাৰীৰ ঘৰত তালাচী চলাই ৫ কাৰ্টুন অৰুণাচলী সুৰা জব্দ কৰিছিল ৷

হেলেম আৰক্ষীয়ে অৰুণাচলী সুৰা বেপাৰী বিনোদ কুৰ্মীক গ্ৰেপ্টাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল ৷ জেল-হাজোতলৈ যোৱা অৰুণাচলী সুৰা বেপাৰী বিনোদ কুৰ্মীৰ ভাষ্যৰ ভিত্তিত বিক্ৰম ডুবেক ১ নবেম্বৰত গহপুৰৰ হেলেম আৰক্ষীয়ে সোধ পোছৰ বাবে পুৱা ১০ বজাত হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল ৷

আৰক্ষীৰ নিৰ্দেশ অনুসৰি আৰক্ষী থানাত উপস্থিত হৈছিল আৰু নিশা প্ৰায় ১০ বজাত আৰক্ষী থানাৰ পৰা জামিনত স্বগৃহলৈ উভটি যায় বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, বিশ্বনাথৰ প্ৰাৰ্থীত্ব দাবীদাৰ বিক্ৰম ডুবেৰ বিৰুদ্ধে হেলেম আৰক্ষী থানাত 77/24U/S 303(2)317(2)318(4)BNS, R/W.Sec.53(I)(a) Assam Excise Act ত এক গোচৰ ৰুজু আছে ৷