মুখ্য-পৃষ্ঠা

মধ্য ইংলেণ্ডৰ ল্যেষ্টাৰ চহৰত উলহ-মালহেৰে ভোগালী বিহু আৰু ৭৪তম শিল্পী দিৱস উদযাপন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মধ্য ইংলেণ্ডৰ ল্যেষ্টাৰ চহৰত অসম সাহিত্য সভা যুক্তৰাজ্যই দিনজোৰা কাৰ্যসূচীৰে ২৫ তম ভোগালী বিহু আৰু ৭৪তম শিল্পী দিৱস পালন কৰে । অসমী আইৰ ভাষা সংস্কৃতিক যুক্তৰাজ্যৰ প্ৰৱাসী অসমীয়াৰ নৱপ্ৰজন্মৰ মাজত অটুট ৰাখিবলৈ কৰা প্ৰচেষ্টা যুক্তৰাজ্য অসম সাহিত্য সভাই বিহত ২৫ বছৰৰ পৰা কৰি আহিছে ।

অনুষ্ঠানটি আৰম্ভ কৰা হয় অসমৰ মহান শিল্পী সকলক স্মৰণ কৰি বন্তি প্ৰজ্বনেৰে । অসমৰ মহান শিল্পী, সাহিত্যিক জ্যোতিপ্ৰসাদ আগৰৱালা , লক্ষ্মীনাথ বেজবৰুৱা, বিষ্ণু প্ৰসাদ ৰাভা , ভুপেন হাজৰিকা আৰু আমাৰ আমাৰ পৰা অলপতে এৰি যোৱা বীৰেন দত্ত , ভুপেন উজীৰ দেৱলৈ শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে ।

যোৱা সাত দশকৰ ওপৰ প্ৰৱাসত জীৱন অতিবাহিত কৰা অসম আৰু অসমীয়া ভাষা সংস্কৃতিক হৃদয়েৰে ভাল পোৱা অলপতে সকলোকে এৰি যোৱা শ্ৰদ্ধাৰ প্ৰৱীণ হাজৰিকা, ডঃ ভুপেন হাজৰিকাৰ ভাতৃলৈও শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে।

সভানেত্ৰী মঞ্জিৰা চৌধুৰীয়ে কয় যে প্ৰৱীণ হাজৰিকা এজন সাহিত্য সভাৰ আজীৱন সদস্যৰ লগতে এজন মনে প্ৰাণে অসমীয়া আছিল। তেখেত অসমীয়া বাতৰি কাকত আৰু আলোচনীৰ নিয়মীয়া লিখক আছিল । তেখেতৰ কথাশৈলীৰ মাজেৰে অসমীয়া সাহিত্যৰ কৱিতা সদায় প্ৰকাশ পাইছিল । জীৱনৰ অনুভৱ অভিজ্ঞতাবোৰ সাধুকথাৰ দৰে কৈছিল । উপসভানেত্ৰী গীতা বৰুৱাই শিল্পীদিৱসৰ লগতে ভোগালী বিহুৰ বিষয়ে প্ৰৱাসত জন্মগ্ৰহন আৰু ডাঙৰ দীঘল হোৱা দ্বিতীয় প্ৰজন্মৰ আগত চমুকৈ কয় ।

জ্যোতিসংগীত , ৰাভা সংগীত ,পাৰ্বতী প্ৰসাদৰ গীত,ভুপেন সংগীত আৰু ন-পুৰণি গীত ৰ ওপৰত এখন কুইজ আৰু সামুহিক বিহু নাচৰ আয়োজন কৰে। কণমানি শিশুৰ পৰা জেষ্ঠ নাগৰিকলৈ সকলোৱে আনন্দেৰে ভাগ লয় ।

সাস্কৃতিক অনুষ্ঠানত কণমানি আদিত্ৰি কাশ্যপ , নাভ্যিয়া কুক্ৰেজা , জোনাক প্ৰিয়া দাস , আদ্ৰিকা তালুকদাৰে জ্যোতিসংগীত , ৰাভা সংগীত , পাৰ্বতী প্ৰসাদ বৰুৱা আৰু ভুপেন হাজৰিকাৰ গীত পৰিবেশন কৰে। লগতে বিহুসুৰীয়া গীত , ৰাভা সংগীত পৰিৱেশন কৰে মেঘালী বৰা আৰু বৰ্নালী দত্তই । গোটেই অনুষ্ঠানটিৰ আঁত ধৰে সম্পাদিকা জাহ্নৱী গগৈয়ে ।

শলাগৰ শৰাই আগবঢ়ায় উপসভানেত্ৰী গীতা বৰুৱাই । অসমীয়া ভোগালীৰ জা জলপান আৰু অসমীয়া জুটিৰ নৈশ আহাৰ উপভোগ কৰাৰ লগতে মনৰ হেপাহেৰ মনৰ ভাৱ আদান প্ৰদান কৰাৰ সুযোগ লয় প্ৰতিজন প্ৰৱাসী অসমীয়াই।