মুখ্য-পৃষ্ঠা

জোক, নেৰো আজি তোক...

Asomiya Pratidin, মৃদুল কুমাৰ সন্দিকৈ

মৃদুল কুমাৰ সন্দিকৈ

সেৱাই মানৱতাৰ ধৰ্ম। সেৱাৰ নামত প্ৰদৰ্শনৰ ভাওনা পতা লোকৰ অভাৱ আজি নাই। নিজৰ পদ, মান, মৰ্যদা পাহৰি সেই প্ৰদৰ্শনীমূলক ভাওনাত ভাও দিবলৈ গৈ বহু লোক ভাওনাৰে বহুৱা হৈ পৰে। তেনে লোকৰ আচৰণ দেখি মানুহে মুখ টিপি হঁহাৰ বাদে কৰিব লগা একো নাথাকে।

এতিয়া এচাম মানুহ এনে পৰ্যায়লৈ অৱনমিত হৈছে যে, বাটেৰে গৈ থাকোতে কাৰোবাৰ ঘৰৰ গৰুৰ গাত দেখা জোক এটা এৰুৱাইও গোমাতাৰ সেৱা কৰা বুলি জাহিৰ কৰিব খোজে। সামাজিক মাধ্যমত তেনে দৃশ্য দি ধন্য হ'ব খোজে নিজে।

বাৰিষা কালত ৰাজ্যৰ বিভিন্ন প্ৰান্তত মানুহৰ লগতে গৰু-মহৰ অৱস্থা কাহিল হয়। বানপানীৰ বাবে খাদ্য সংকটকে আৰম্ভ কৰি বিভিন্ন ৰোগত আক্ৰান্ত হয়। সেই গৰু-মহৰ বাবে খাদ্য আৰু উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিব পৰাকৈ হাতত ক্ষমতা থকাৰ পাছতো জোক এৰুৱাই এনে সেৱাৰ নিদৰ্শন দাঙি ধৰাতো হাস্যকৰ।

এইবাৰ বানত কিমান জীৱ-জন্তু আক্ৰান্ত হ'ল, তাক লৈ কিন্তু তেওঁলোক সচেতন নহয়। বিনা চিকিৎসাত কৃষকৰ কিমান গৰু-মহৰ মৃত্যু হ'ল সেই তথ্য কিন্তু তেওঁলোকে বিশ্লেষণ কৰি নাচায়। কিয়নো তাত তেওঁলোকৰ বিফলতাৰ খতিয়ানহে পোৱা যায়।

গাঁৱত এইধৰণৰ কাম প্ৰতিজন কৃষক বা গোপালকে প্ৰতিদিনাই কৰিব লগা হয়। শাওণৰ খেতিৰ বতৰত পথাৰৰ পৰা হাল বাই গৰুহাল আনি কোনোবা হোলা বা নলাত গা ধোৱাই গাত জোক-চেকুঁৰা লাগিছে নেকি, সেয়া পৰীক্ষা কৰে। এই স্বাভাৱিক কৰ্ম এইসকলৰ গোমাতা সেৱাতকৈ হাজাৰগুণে উত্তম আৰু স্বৰ্তস্ফূত।

কাৰোবাৰ ঘৰলৈ যোৱাৰ পথত গৰু এটা বা এজনীৰ গাত জোক লাগি থকা দেখি সেইটোক এৰুৱাই দি তেওঁ এক মহান কামেই কৰিছিল। কিন্তু সেইটোকে ৰৌজাল কৰিবলৈ ভিডিঅ' বনাই সামাজিক মাধ্যমত তাক গোমাতা সেৱা বুলি প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে এবাৰো বিবেকক সুধি নাচালে যে, এইবোৰ কাম কৰিলে মানুহে তেওঁক হাঁহিব।

এইধৰণে জোক এৰুৱাই ফুৰা এই নেতা আৰু ক্ষমতাশালী সকলেই সমাজৰ বাবে আচঁলতে একো একোটা জোক হৈয়ে পৰিছে এতিয়া। যি জোকে আমাক চৌদিশৰ পৰা আক্ৰমণ কৰি তেজ শুঁহি খাইছে, অথচ তেওঁলোকক আমি গাৰ পৰা বা এক ব্যৱস্থাৰ আঁতৰ কৰিব পৰা নাই।

প্ৰদৰ্শনধৰ্মিতা কি পৰ্যায়লৈ গৈছে, নিজে এবাৰ ভাৱকচোন। কোনো অৰ্হতা নথকাকৈ কৃষিমন্ত্ৰী হোৱাৰ সুবাদতে মন্ত্ৰীজনে গৰুক বেজি দি নিজে ধন্য হৈছে। সেই দৃশ্য সামাজিক মাধ্যমত দি দেখুৱাব বিচাৰিছে তেওঁ মন্ত্ৰীৰ নামত কৰি আছে কি!

আন কোনো মন্ত্ৰীয়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সলনি নিজৰ বাৰীত ৰোৱা শাক-পাচলি ছিঙি মানুহক দেখুৱাই যে, মূল্যবৃদ্ধিয়ে তেওঁৰ পৰিয়ালক প্ৰভাৱ পেলাব নোৱাৰে। নিজৰ বাৰীৰ শাক-পাচলিৰে তেওঁৰ পাকঘৰ চলি যায়। অথচ তেওঁ যোগান মন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বত আছে।

ঘৰত কাম কৰা মানুহে সাৰ-পানী দি ডাঙৰ-দীঘল কৰা শাক-পাচলি ছিঙি ধন্য হোৱা, এই ধৰণৰ আলোকচিত্ৰৰে সামাজিক মাধ্যম ভৰাই তোলা ক্ষমতাৱান মানুহবোৰৰ পৰা মানুহে আশা কৰিবলৈ বাকী থাকে কি! মন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ পদবী, শাসকীয় দলৰ সভাপতিৰ দৰে ব্যস্ততাপূৰ্ণ আসনত অধিষ্ঠিত মানুহবোৰে এতিয়া এনেকৈয়ে সামাজিক মাধ্যমক নিজক চৰ্চাৰ বিষয়বস্তু কৰে।

বানাক্ৰান্তৰ খবৰ লবলৈ গৈ নাঁৱৰ পৰা সৰি পৰা, জোতা-চেণ্ডেল পিন্ধি কাৰোবাৰ পিঠিত উঠি বানাক্ৰান্তৰ কাষলৈ যাবলৈ চেষ্টা কৰা মানুহবোৰে কি বুজিব, সেই লোকসকলৰ দুখ-দুৰ্দশাৰ কথা। তথাকথিত এনে নেতাৰ সন্মুখতেই দেখোন চোৰাং গৰুৰ চিণ্ডিকেট চলি আছে। সেই চিণ্ডিকেটৰ ভাগো দেখোন এনে এচাম ক্ষমতাশালী লোকৰ হাতলৈ নিয়মীয়াকৈ আহি থাকে বুলি অভিযোগ উঠে।

আৰু সেই ধৰণৰ লোকৰ এই নৃত্য-নাটিকা বোৰে এতিয়া সামাজিক মাধ্যম গৰম কৰি ৰাখিছে। মানুহৰ ট্ৰ’লৰ ভাষাৰ হয়তো তেওঁলোকে বুজি নাপায়। সেয়েহে কোনো কোনোৱে গৰুৰ গাৰ পৰা জোক এৰুৱাই ধন্য হোৱা জনক প্ৰশ্ন কৰিছে যে – গৰুৰ গাৰ পৰা জোক এৰুৱাতো যদি গোমাতা সেৱা হয়, তেনে চাপৰি মাৰি ম’হ মৰাতোও মানৱ সেৱা হ'ব নেকি?

কোনো কোনেৱে তেওঁক গৰু জোকৰ এক্সপাৰ্টো বুলিছে। আন কোনোৱে আকৌ তেওঁক গৰু বিহুৰ নাম সলনি কৰি গোমাতা বিহু বুলি নামাকৰণৰ প্ৰস্তাৱো দিছে। তাৰ মাজতে এই সেৱকজনক কটাক্ষ কৰিছে আন এচামে। গো মাংস ব্যৱসায় কৰা সকলৰ পৰা ইলেক্টৰেল বণ্ডৰ জৰিয়তে ধন লোৱা সকলৰ মুখত এনে কথাই শোভা নাপায়।

এতিয়া নেতা-মন্ত্ৰীয়ে কি কৰে, সেয়া ৰাইজে দেখিলে। ৰাইজে এইটোও বুজিলে আমাৰ নেতা ইমান জীৱ-জন্তু দৰদী যে, কাৰোবাৰ ঘৰৰ পদুলিত গৰুৰ গাত জোক দেখিলে সেয়া আতৰাই গো সেৱা কৰে। ৰাজ্যৰ ভিন্ন প্ৰান্ত থকা গো শাল সমূহৰ অৱস্থা কি,সেয়া তেওঁলোকে এবাৰ নিজে গৈ চাই অহা ভাল!

এইধৰণৰ কাম কৰা সকলে তেওঁলোকৰ এনে সস্তীয়া প্ৰদৰ্শনধৰ্মিতাৰ বাবে লাজ পাওক বা নাপাৱক, সাধাৰণ মানুহে কিন্তু তেওঁলোকৰ কামৰ নমুনা দেখি লাজ পাইছে। আহ্বান জনাইছে সাধাৰণ জনতাই এইবোৰ নাটক বন্ধ কৰি তেওঁলোকে পাৰে যদি নিজৰ সমষ্টিতেই গো মাতাৰ বাবে এদিনৰ খাদ্য যোগান ধৰক। গৰুৰ গাৰ পৰা দুই এটা জোক গুচাঁই দিলেই সেৱা সেৱা হৈ নাযায়। পাৰে যদি গোহত্যা বন্ধ কৰি সেই মহানতাৰ প্ৰমাণ দিয়ক।

গৰুৰ সৈতে অসমীয়া সমাজৰ সম্পৰ্ক পুৰণি। গাঁৱত কৃষকে গৰুৰ পৰা কিমান জোক এৰুৱালে তাৰ হিচাপ নাৰাখে। সেই কামৰ ভিডিঅ' কৰি এনেদৰে প্ৰচাৰো নকৰে। বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপে হয়তো তেওঁ এই ৰাজনৈতিক সন্ধিক্ষণত বহু হেচাঁত আছে। শাসকীয় দলটোৰ ভিতৰতে তীব্ৰ অসন্তুষ্টিয়ে গা কৰি উঠিছে।

তাৰ মাজতে মানুহে ভৱেশ কলিতাই গৰুৰ গাৰ পৰা জোক এৰুৱাই সামাজিক মাধ্যমত দিয়া এই ভিডিঅটো বাখ্যাও ৰাজনৈতিকধৰণে কৰিছে। বৰ আমোদজনক হৈছে সেই ব্যাখা। কিয়নো, ৭/৮আগষ্ট, ২০২৪ত বিজেপি ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। সেয়েহে ভৱেশ কলিতাই এৰুৱাই থকা এই জোকটো ৰাজনৈতিক দৃষ্টিৰে অশোক শৰ্মা বুলি ক’বলৈও মানুহে এৰা নাই।

সকলোফালৰ পৰাই গো মাতাৰ গাৰ পৰা জোক এৰুৱাই এতিয়া এনেদৰে সামাজিক মাধ্যমত শাসকীয় দলটোৰ মুৰব্বী গৰাকীয়েই হাঁহিয়াতৰ পাত্ৰ হৈ পৰিছে। তেওঁ নিজা সমষ্টিতেই চোৰাং গৰু সৰবৰাহ কৰা গাড়ী বহুদিন ধৰি আৰক্ষীয়ে জব্দ কৰি ৰাখিছিল। সেই জব্দ কৰা গৰুৰেই খাদ্য অভাৱত পৰি অৱস্থা কাহিল হৈছিল। তেতিয়া গো মাতাৰ এই সেৱকজন ক'ত আছিল বুলি ৰাইজে প্ৰশ্ন কৰিছে।

মানুহে বুজে অন্তৰৰ পৰা সেৱা আৰু দেখুৱাবলৈ কৰা সেৱাৰ মাজত পাৰ্থক্য। অসমৰ কৃষিজীৱি মানুহে গৰু পুঁহিবলৈ কিমান কষ্ট কৰে সেই উপলদ্ধি কৰিব নোৱাৰাসকলে এইবোৰকে ডাঙৰ কাম বুলি ভাৱে। ইয়াকে লৈ সামাজিক মাধ্যমত নিজকে জঁহাই ফুৰে। জোক আৰু এইধৰণৰ লোকৰ মাজত বৰ বিশেষ পাৰ্থক্য নাথাকে...