মুখ্য-পৃষ্ঠা

দে ভগৱান, ফুলাই দে...

Asomiya Pratidin, মৃদুল কুমাৰ সন্দিকৈ

গান এটা খুব জনপ্ৰিয় হৈছিল। সদ্য মুক্তিপ্ৰাপ্ত এখন জনপ্ৰিয় ছবিৰ এই জনপ্ৰিয় গানটো এতিয়া মানুহৰ মুখে মুখে – দে ভগৱান, ফুলাই দে/কপালখন ফুলাই দে/ কপালৰ ভিতৰত টকা অকন ভৰাই দে...। সাধাৰণ লোকৰ বাবে ভগৱানক এইদৰে আহ্বান কৰাৰ বিকল্প যেন এতিয়া নাইকিয়া হৈ পৰিছে।

সকলোতে কেৱল ব্যয় বৃদ্ধি পাইছে। আয় সীমিত হৈ পৰিছে, কিন্তু সাধৰণ লোকৰ পৰা কেনেদৰে চেপাঁ পাতি চুঁচিব পাৰি তাক লৈ চৰকাৰ তথা আন সকলো ব্যস্ত হৈ পৰা দেখা পোৱা গৈছে। কল্যাণকামী ৰাষ্ট্ৰৰ প্ৰকৃত উদ্দেশ্য হিতাধিকাৰী সাজি এচামক দৰিদ্ৰ কৰি ৰখা কৌশলতে অন্ত পৰিছে।

চকুৰ সন্মুখতে চৰকাৰে জনতা জৰ্নাদনক কৰৰ বা আন ধৰণে ৰাজহ সংগ্ৰহৰ যি জাল পাতিছে, সেই জাল চকুৰ সন্মুখত দেখিও মানুহ মৌন হৈ ৰব লগা পৰিৱেশ আজি। কিহৰ দাম বৃদ্ধি হোৱা নাই? বিদ্যুতৰ মাচুলৰ পৰিমাণ ইচ্ছা অনুসৰি বৃদ্ধি কৰাৰ পাছতো প্ৰতিবাদ কৰাৰ ভাষা কাৰোৰে ওচৰত নাই।

এই প্ৰতিবাদৰ ভাষাও চৰকাৰে শুনাৰ অভ্যাস কেতিয়াবাই ত্যাগ কৰিলে। যি ইচ্ছা তাকেই কৰাৰ প্ৰৱণতাৰে জনসাধাৰণৰ পক্ষত থাকিব লগা চৰকাৰী পক্ষটোৱে কোনো এক ব্যক্তি বিশেষৰ ব্যক্তিগত সিদ্ধান্তৰ প্ৰতিফলন হৈ পৰিল। সেৱা কৰ বৃদ্ধিৰে ৰাজহ সংগ্ৰহ বৃদ্ধি নিত্য নতুন কৌশলবোৰ মানুহে সহজভাৱে লবলৈ বাধ্য হৈ পৰিছে।

মোবাইলৰ ৰিছাৰ্জ, বজাৰৰ বয়-বস্তুৰ দাম, নিৰ্মাণ কাৰ্যত ব্যৱহৃত সামগ্ৰী, ঔষধৰ মূল্য কি বঢ়া নাই এতিয়া? কমিছে মাথোঁ জীৱনৰ মূল্য। শেহতীয়াকৈ ৰাজ্যখনত আন এক এনে পদক্ষেপৰ বাবে চৰকাৰ সাজু হৈছে। খবৰ অনুসৰি, ৰাজ্যৰ স্বাস্থ্য বিভাগে চৰকাৰী চিকিৎসাৰ মাচুল বৃদ্ধিৰ বাবে ব্লুপ্লিন্ট সাজু কৰিছে।

এক বা দুই শতাংশ নহয়, ২০শতাংশ মাচুল বৃদ্ধি হ’ব চৰকাৰী চিকিতসালয়ত। ৰোগীৰ পঞ্জীয়ন মাচুলৰ পৰা আৰম্ভ কৰি চৰকাৰী চিকিৎসালয়ত উপলদ্ধ এক্সৰে, এম আৰ আই, চিটি স্কেন, তেজ পৰীক্ষা আদি সকলোৰে মাচুল বৃদ্ধি কৰি চৰকাৰে কাৰ মূৰত ৰামটাঙোন শোধাব লৈছে, সেয়া কাকো বাখ্যা কৰাৰ প্ৰয়োজন নাই।

এই নতুন নিৰিখ প্ৰযোজ্য হ’লে পূৰ্বতে যদি কোনো এজন ৰোগীয়ে ৫হাজাৰ টকাত চৰকাৰী চিকিৎসালয়ত ৰোগৰ চিকিৎসা কৰিছিল, সেয়া বৃদ্ধি হৈ হবগৈ ৬হাজাৰ টকা। যিখন চৰকাৰে বছৰি সেৱা কৰ ৫০কোটি টকা সংগ্ৰহ কৰি আছিল, সেইখন চৰকাৰে সেই সেৱা কৰ ৪গুণ বৃদ্ধি কৰিবলৈ সিদ্ধান্ত লৈছে।

২০২৪-২৫বিত্তীয় বৰ্ষত সেৱা কৰ ২০০কোটি টকালৈ বৃদ্ধি কৰা লক্ষ্যৰে লোৱা সিদ্ধান্তৰ প্ৰভাৱ চৰকাৰী চিকিৎসাখণ্ডতো পৰিব। জুৰুলা ৰাজ্যবাসীক উন্নত চিকিৎসা প্ৰদান কৰাৰ বিপৰীতে ৰোগীয়া লোকৰ পৰা উচ্চ হাৰত ধন সংগ্ৰহৰ এই মানসিকতা কোনো কাৰনতে গ্ৰহণযোগ্য হ’ব নোৱাৰে।

অসমৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণী লোকৰ বাবে চিকিৎসা ক্ষেত্ৰত শেষ ভৰষা হয় চৰকাৰী চিকিৎসালয়। কিন্তু তাতো যদি এইধৰণে মাধমাৰ শোধোৱা হয়, তেনেহলে বহুতৰ বাবে সাধাৰণ চিকিৎসাও এক অলীক কল্পনা হৈ পৰিব।

২০২২-২৩ৰ তথ্য বিশ্লেষণ কৰিলে দেখা পোৱা যায়, অসমৰ ৰোগীসকল চৰকাৰী খণ্ডৰ চিকিৎসালয়ৰ ওপৰত কিদৰে নিৰ্ভৰশীল। উদাহৰণ হিচাপে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালকে লোৱা যাওঁক। ২০২২ৰ ছেপ্তেম্বৰৰ পৰা ২০২৩ৰ আগষ্টলৈকে জি এম চি এইচত অ পি ডি (OPD) চিকিৎসা সেৱা লাভ কৰা ৰোগীৰ সংখ্যা আছিল ৯, ৯৩, ৪৬৩গৰাকী। আই পি ডি (IPD)ত চিকিৎসা সেৱা লাভ কৰা ৰোগীৰ সংখ্যা আছিল ১, ১৩, ০০১গৰাকী।

উক্ত সময়চোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত মুঠ ৩৯হাজাৰ ৯১টা অস্ত্ৰোপচাৰ আৰু ১৫হাজাৰ ৯৭৩গৰাকী প্ৰসূতিয়ে সন্তান জন্ম দিছে। এনেদৰে ৰাজ্যৰ ভিন্ন চৰকাৰী চিকিৎসালয়ত কিমান ৰোগীয়ে চিকিৎসা লাভ কৰে তাৰ এটা হিচাপ কল্পনা কৰক।

২০২১চনত প্ৰকাশ কৰা ‘ৰিৰ্পট অফ কম্পটেলৰ এণ্ড অডিটৰ জেনেৰেল অৱ ইণ্ডিয়া অন পাৰফৰ্মেন্স অডিট অফ চিলেক্ট ডিষ্টিক্ট হাস্পতালছ’ত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বহুবোৰ দিশ উদঙাই দিছে। এই প্ৰতিবেদনৰ মতে, ৰাজ্যৰ চিকিৎসাখণ্ডত প্ৰয়োজনীয় চিকিৎসক-নাৰ্চ আজিও নাই।

আই পি এইচ এছ নমছ অনুসৰিয়ে, জিলা হাস্পতালৰ সমুহত ১৫শতাংশ চিকিৎসক, ৬শতাংশ নাৰ্চ, ৫৫শতাংশ ফাৰ্মাচিষ্ট কমকৈ আছে। বহুবোৰ জিলা চিকিৎসালয়ত নাই প্ৰয়োজনীয়া ব্লাড বেংক। কিছুমানত ব্লাড বেংক আছে যদিও নিয়মীয়াকৈ তেজ সংগ্ৰহৰ কোনো ব্যৱস্থা কৰা নহয়।

প্ৰয়োজনীয় যন্ত্ৰ-পাতিৰ অভাৱ, বিশেষজ্ঞ চিকিৎসকৰ অভাৱ, ঔষধৰ অভাৱ, আন্তঃগাথঁনিৰ অভাৱ আদি সমস্যা আছেই। তথাপিও চৰকাৰে জিলাই জিলাই চিকিতসা মহাবিদ্যালয় স্থাপনেৰে স্বাস্থ্য খণ্ডৰ উন্নয়নৰ অস্তিত্ব জাহিৰ কৰি গৈছে। চৰকাৰী চিকিৎসালয়ত সু চিকিৎসা ব্যৱস্থা সু নিশ্চিত কৰাৰ বিপৰীতে চৰকাৰে গুৰুত্ব দিছে মাচুল বৃদ্ধিত।

এনে এক পৰিস্থিতিত দৰিদ্ৰ ৰাজ্যবাসীৰ বাবে ব্যক্তিগত খণ্ডত ব্যয়বহুল হৈ পৰা চিকিৎসা সেৱা চৰকাৰী খণ্ডতো ব্যয়বহুল হৈ পৰিব। যত বিনামূলীয়াকৈ স্বাস্থ্য সেৱা লাভ কৰিম বুলি মানুহ আশা কৰে, তাতো ২০শতাংশ মাচুল বৃদ্ধিয়ে সেই আশাত চেঁচাপানী ঢালিব। চৰকাৰী চিকিৎসালয়লৈ যাবলৈও এতিয়াৰে পৰা জেপ গধুৰ হ'ব লাগিব। সেই ব্যৱস্থা কৰিবলৈ চৰকাৰে ইতিমধ্যে সিদ্ধান্ত লৈ পেলাইছে...