মুখ্য-পৃষ্ঠা

বীৰ লাচিত সেনাৰ সভাপতি-সম্পাদকক ডেৰঘণ্টাৰ ভিতৰত বিনাচৰ্তে মুক্তিৰ দাবী

Asomiya Pratidin

ডিজিটেল সংবাদ,ঢকুৱাখনা: বীৰ লাচিত সেনা অসমৰ গোগামুখ আঞ্চলিক সমিতিৰ দুজনকৈ নেতা গোগামুখ আৰক্ষীয়ে আটক কৰাত তীব্ৰ ক্ষোভৰ সূত্ৰপাত ঘটিছে। দেওবাৰে গোগামুখত দুজন অনা অসমীয়া বণিয়াই এগৰাকী গ্ৰাহকক অসভ্য আচৰণ কৰাৰ পৰিপ্ৰেক্ষিতত বিষয়টো বীৰ লাচিত সেনাৰ গোগামুখ আঞ্চলিকক অৱগত কৰিছিল।

সেই মৰ্মে গোগামুখ আঞ্চলিকৰ সভাপতি প্ৰণৱ শইকীয়া আৰু সম্পাদক চান্তো শইকীয়াই ৰাইজৰ সহযোগত ভৱিষ্যতে কোনো গ্ৰাহকক এনে অসভ্য ব্যৱহাৰ নকৰিবলৈ কৈ আঁঠু কঢ়াই সকীয়নী দিছিল। এই সন্দৰ্ভত গোগামুখ আৰক্ষীয়ে দেওবাৰে নিশা প্ৰায় ১২বজাত সভাপতি সম্পাদকক ঘৰৰ পৰা উঠাই গোগামুখ থানালৈ আনে।

গোগামুখ থানাত লাচিত সেনাৰ দুই আটক কৰি ৰখাৰ খবৰ পাই সোমবাৰে দুপৰীয়া বীৰ লাচিত সেনা অসমৰ ধেমাজি জিলা সমিতি,গেৰুকামুখ আঞ্চলিক সমিতি,চাউলধোৱা আঞ্চলিক সমিতিৰ লগতে লখিমপুৰ জিলা সমিতিৰ গৰিষ্ঠ সংখ্যক নেতা,সতীৰ্থ গোগামুখ থানাত উপস্থিত হয়।

ধেমাজি জিলা সমিতিৰ সভাপতি মিন্টু গগৈ,মুখ্য সচিব যাদৱ নাথ,জিলা সদস্য মিন্টু চুতীয়া গোগামুখ আঞ্চলিকৰ উপ সভাপতি ৰঞ্জিত মেধি,চাউলধুৱা আঞ্চলিকৰ সভাপতি বিনয় দেউৰী,সম্পাদক মন জ্যোতি শইকীয়া, গেৰুকামুখ আঞ্চলিকৰ সভাপতি জিতু ফুকন,মুখ্য সচিব অজিত বৰা,উপদেষ্টা গগন বৰুৱা,প্ৰশাসনিক সচিব টুটো হাজৰিকা, সহকাৰী সচিব ৰুবুল শৰণীয়া,কাৰ্য্যালয় সম্পাদক জিতেন নেওগ, ক্ৰীড়া সচিব প্ৰিন্স পাংগিং,শিক্ষা সচিব মহানন্দ চিন্তে,স্বাস্থ্য সহকাৰী সচিব ব্ৰজেন শৰণীয়া আদি গোগামুখ থানাত উপস্থিত হৈ বিনা চৰ্তে আটকাধীন দুই নেতাক মুক্তি দিয়াৰ দাবী জনায়।

ডেৰ ঘণ্টা সময় নিৰ্ধাৰণ কৰি লাচিত সেনাৰ প্ৰতিনিধি দলটোৱে ইয়াৰ অন্যথাই সবল গণ প্ৰতিবাদ সাব্যস্ত কৰাৰ অন্তিম সকীয়নি প্ৰদান কৰে। অনা অসমীয়া বণিয়াৰ অসভ্য আচৰণ কোনো কাৰণতে সহ্য কৰি যোৱা নহব বুলি কৈ এনে পৰিচয়বিহীন দুজন বণিয়াক শিষ্টাচাৰ শিকোৱাৰ বাবেই দুগৰাকী সতীৰ্থক আটক কৰি আৰক্ষী প্ৰশাসনে দিয়া ভয় ভাবুকি কেৰেপ নকৰো বুলি সকীয়াই দিয়ে জিলা নেতৃত্বই। সোমবাৰে গোগামুখ থানাৰ সন্মুখত একত্ৰিত হৈ লাচিত সেনাৰ নেতা কৰ্মী সকলে অৱস্থান কৰি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে।