মুখ্য-পৃষ্ঠা

বিজেপিৰ বিৰুদ্ধে আছাৰ প্ৰতিবাদঃ আদিবাসী সকলক চাহ জনগোষ্ঠীৰে বিভাজন ঘটোৱাৰ চক্ৰান্ত…

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ অসমৰ আদিবাসী জনগোষ্ঠীৰ মাজত বিজেপি নেতৃত্বাধীন চৰকাৰখনে শেহতীয়াকৈ চাহ জনগোষ্ঠী জাতীয় সন্মিলন গঠনৰে বিভাজনৰ ৰাজনৈতিক চক্ৰান্ত কৰাৰ প্ৰতিবাদত আজি প্ৰতিবাদমুখৰ হৈ পৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই ৷ কোকৰাঝাৰ চহৰৰ মাগুৰমাৰীত আজি আছা নেতা কৰ্মীয়ে অসম চৰকাৰৰ বিভাজনমুলক চক্ৰান্তৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি " অসম চৰকাৰ হুচিয়াৰ, বিজেপি গ' বেক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ, আদিবাসীকলৈ ৰাজনীতি নচলিব আদি ইত্যাদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

প্ৰতিবাদথলীত আছাৰ কেন্দ্ৰীয় সভাপতি ষ্টিফেন লাক্ৰাই অসমৰ আদিবাসী জনগোষ্ঠীক বিজেপি চৰকাৰে বিভাজন ঘটোৱাৰ গভীৰ ৰাজনৈতিক চক্ৰান্তত লিপ্ত হৈছে বুলি ক্ষোভ ব্যক্ত কৰি বিজেপিৰ উক্ত কাৰ্যকলাপক ধিক্কাৰ জনায় ৷ তেওঁ বিজেপি দলক প্ৰতাৰকৰ দল আখ্যা দি আদিবাসী সকলৰ ন্যাৰ্য জনজাতিকৰণৰ দাবীক বিঘ্নিত ঘটাবলৈ চাহ জনগোষ্ঠী জাতীয় সন্মিলন গঠন কৰা বুলি তীব্ৰ প্ৰতিক্ৰিয়া ব্যাক্ত কৰে ৷

এইক্ষেত্ৰত আদিবাসী সকলৰ মাজত বিভাজন সৃষ্টিৰ আঁৰত বিজেপি দলৰ সাংসদদ্বয় ক্ৰমে পল্লৱ লোচন দাস আৰু কামাখ্যা প্ৰসাদ তাছা, শ্ৰম মন্ত্ৰী সঞ্জয় কিষান, প্ৰহ্লাদ গোৱালা আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী জড়িত থকা বুলি অভিযোগ কৰিছে ৷ আছাৰ সভাপতি ষ্টিফেন লাক্ৰাই বিজেপি দলৰ ষড়যন্ত্ৰ ওফৰাই পেলাবলৈ জংগী আন্দোলণ গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰিছে । কোকৰাঝাৰৰ মাগুৰমাৰীত অনুষ্ঠিত হোৱা আজিৰ প্ৰতিবাদী কাৰ্যসূচীত অৰ্দ্ধশতাধিক আছা কৰ্মী-সমৰ্থকে অংশ গ্ৰহণ কৰে ৷