বিজেপি নেতা লাচিত গগৈক আটক... 
মুখ্য-পৃষ্ঠা

বিজেপি নেতা লাচিত গগৈক আটক...

Asomiya Pratidin
  • বিজেপিৰ অবিচি মৰ্চাৰ নেতা লাচিত গগৈক আটক।

  • এটা ভাইৰেল অডিঅ'ত চৰ্চা হৈছিল নেতা জনৰ নাম।

  • কাৰ্বি আংলং আৰক্ষীয়ে আটক কৰিছে লাচিত গগৈক।

  • চুপাৰী ছিণ্ডিকেটৰ বাবে কাৰ্বি আংলং আৰক্ষী অধীক্ষকক আটাছু নেতা মিলন বুঢ়াগোহাঁইৰ জৰিয়তে ধন দিয়া বুলি চৰ্চা হৈছিল অডিঅ'টোত।

  • দুজন আৰক্ষী অধীক্ষকক দিবলৈ আটাছু নেতাজনক ধন দিয়া বুলি স্বীকাৰ কৰিছিল অডিঅ'টোত।

  • কাৰ্বি আংলং আৰক্ষী অধীক্ষকে লাচিত গগৈৰ বিৰুদ্ধে ডিফু থানাত ৰুজু কৰিছিল গোচৰ।

  • সেই এজাহাৰৰ ভিত্তিত শুকুৰবাৰে নিশা মৰাণ আৰক্ষীয়ে আটক কৰে গগৈক।

  • চৰাইদেউ জিলাৰ কচুমাৰীৰ পৰা আটক কৰা হৈছে বিজেপি নেতাজনক।