মুখ্য-পৃষ্ঠা

ব্ৰহ্মপুত্ৰত সন্ধানহীন হৈ থকা উৎপল শইকীয়াৰ মৃতদেহ উদ্ধাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, মাজুলীঃ নামনি মাজুলী কৰদৈগুৰি ব্ৰহ্মপুত্ৰ সুঁতিত ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে। নাওখনত উপস্থিত থকা তিনিজন ব্যক্তিৰ দুজন ক্ৰমে হাঁহিৰাম বৰা আৰু বিচিত্ৰ বৰা জীৱন্তে উদ্ধাৰ হোৱাৰ বিপৰীতে উৎপল শইকীয়া সন্ধানহীন হৈ আছিল।

সন্ধানহীন উৎপল শইকীয়া(৪৩) ক বিচাৰি দেওবাৰে পুৱা ৮.৩০ বজাৰ পৰা অভিযান চলাইছিল এছ ডি আৰ এফ বাহিনীয়ে। পুৱা ৬.৩০ বজাত সংঘটিত হোৱা ঘটনাৰ খবৰ দিয়াৰ পাছত ২ ঘন্টা পলমকৈ উপস্থিত হৈছিল SDRF বাহিনী।

ব্ৰহ্মপুত্ৰ সুঁতিত গৰু পাৰ কৰিবলৈ যাওঁতে এই ঘটনা সংঘটিত হৈছিল। প্ৰায় ৮ ঘন্টা ব্ৰহ্মপুত্ৰত অভিযান চলাইSDRF বাহিনীয়ে মৃত অৱস্থাত উদ্ধাৰ কৰে উৎপল শইকীয়াক। মৃতদেহ উদ্ধাৰৰ পাছতেই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।সন্ধানহীন উৎপল শইকীয়া(৪৩) ক বিচাৰি দেওবাৰে পুৱা ৮.৩০ বজাৰ পৰা অভিযান চলাইছিল এছ ডি আৰ এফ বাহিনীয়ে। পুৱা ৬.৩০ বজাত সংঘটিত হোৱা ঘটনাৰ খবৰ দিয়াৰ পাছত ২ ঘন্টা পলমকৈ উপস্থিত হৈছিল SDRF বাহিনী।

ব্ৰহ্মপুত্ৰ সুঁতিত গৰু পাৰ কৰিবলৈ যাওঁতে এই ঘটনা সংঘটিত হৈছিল। প্ৰায় ৮ ঘন্টা ব্ৰহ্মপুত্ৰত অভিযান চলাইSDRF বাহিনীয়ে মৃত অৱস্থাত উদ্ধাৰ কৰে উৎপল শইকীয়াক। মৃতদেহ উদ্ধাৰৰ পাছতেই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।