মুখ্য-পৃষ্ঠা

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ অৱদান চিৰস্মৰণীয় হৈ থাকিব : দ্বীপেন বড়ো

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰৰ জিলাৰ দোতমাৰ থুলুংগাপুৰিস্থিত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিক্ষেত্ৰত বুধবাৰে এবছুৰ উদ্যোগত দিনজোৰা কাৰ্য্যসূচীৰে বডোফাৰ ৩৪ তম মৃত্যুবাৰ্ষিকী উদযাপন কৰা হয়। বুধবাৰে পুৱা বডোফাৰ সমাধিক্ষেত্ৰত পতাকা অৰ্ধ উত্তোলনেৰে বডোফাৰ মৃত্যুবাৰ্ষিকীৰ দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে এবছুৰ সভাপতি দ্বীপেন বড়োৱে৷

ইয়াৰ পিছতে বডোফাৰ সমাধিক্ষেত্ৰত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এবছুৰ সভাপতি দ্বীপেন বড়োৱে কয় যে বড়োসকলৰ বাবে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মই যি অৱদান আগবঢ়াই গ'ল সেয়া চিৰস্মৰণীয় হৈ থাকিব। শোষিত-নিপীড়িত-বঞ্চিত-লাঞ্চিত জনগোষ্ঠীটোক বডোফাই যেনেদৰে একত্ৰিত কৰি আগুৱাই নিলে সেয়া চিৰদিনে ৰন্ধে -ৰন্ধে উপলদ্ধি হ'ব বুলি মন্তব্য কৰিছে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ।

ইপিনে দোতমাৰ এখন জনসভাত অংশগ্ৰহণ কৰিবলৈ গৈ থুলুংগাপুৰীত উপস্থিত হৈ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ সৰ্বধৰ্ম প্ৰাৰ্থনাতো অংশগ্ৰহণ কৰি বডোফাৰ মৃত্যু দিৱসৰ দিনাই বডোফাৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিবলৈ পোৱাটো সৌভাগ্য বুলি মন্তব্য কৰিছে।

ইপিনে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিধায়ক লৰেঞ্চ ইছলাৰী, প্ৰাক্তন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম আদিকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে বডোফাৰ মৃত্যুবাৰ্ষিকীৰ কাৰ্যসূচীত অংশ লৈ বডোফাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ বডোফাৰ মৃত্যুবাৰ্ষিকীৰ সতে সংগতি ৰাখি এক সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰো আয়োজন কৰা হৈছিল ।